পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
বুৰঞ্জীবোধ।

তেওঁক তেতিয়াই ৰণত ঘটাই তলতীয়া কৰিছিল। সেই কাৰণে, সৌমাৰৰ মানুহে চুকাফাক অসম (অৰ্থত, যাৰ সমান নাই) ৰজা বুলিমানিবলৈ ধৰিলে। সেই আপাহতে, তেওঁ যিমানলৈকে ৰাজ্য বঢ়ালে, সিমানলৈকে তেওঁৰ নামেই ‘অসম-দেশ’ নাম হল। টাই জাতিৰ মানুহৰ মুখত ‘স’ আখৰটো ‘হ’ ৰূপে উচ্চাৰিত হৈছিল। সেই কাৰণে, এই ‘অসম’ নাম সিবিলাকৰ মুখহ ‘অহম' হয়, আৰু তাৰপৰাই আহোম নাম ওলায়। পাচলৈ চুকাফা ৰজা আৰু তেওঁৰ লগত অহা টাই জাতিৰ মানুহক আৰু সিবিলাকৰ বংশ পৰিয়ালক ‘অহম’ বা ‘আহোম’ বোলা হয়। অৰু, আগৰ সেই ‘অসম দেশৰ নাম এতিয়া বৃটিচ ৰজাৰ দিনত ‘আসাম’ হৈছে।

 চুকাফা স্বৰ্গদেৱ বৰ জ্ঞানী ৰজা আছিল। ৰাজনীতিত তেওঁৰ বৰ ভাল জ্ঞান আছিল। ৰাজ্য কেনেকৈ শাসন কৰিব লগে আৰু প্ৰজাক কেনকৈ পালন কৰিব লাগে, সেই বিষয় ভালকৈ জানিছিল। ওপৰত উনুকিউৱা হৈছে যে, চুকাফা স্বৰ্গদেৱৰ লগত আহোম মানুহ সৰহ অহা নাছিল। গতিকে, তাকৰীয়া মানুহৰ ভাষাৰে সৈতে সেই ভাষা নজনা নতুন দেশৰ প্ৰজা চলাবলৈ সুচল নহল। সেই দেখি, তেওঁ প্ৰজাৰ ভাষাকে ৰাজভাষা কৰিলে। আহোম ভাষাৰ ব্যৱহাৰ কেৱল ধৰ্ম্মপুথি আৰু বুৰঞ্জীত হে ৰল। চুকাফা স্বৰ্গদেৱ অসমদেশত আহোমৰ আদিৰজা। তেওঁৰপৰাই এই দেশত 'আহোমৰ দিন' আৰম্ভ হয়। তেওঁ অসমত ৪০ বছৰ নাম জ্বলাই ৰাজপাট খাইছিল। তাৰ পাচত, ১২৬৮ খ্ৰীষ্টাব্দত তেওঁ স্বৰ্গী হয়।