পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২। পাঠ।
আহোমৰ দিনৰ আৰম্ভণ।

 চুকাফা।— এই দেশৰ ঠিক উত্তৰ-পূব সীমাত পাতকাই পৰ্ব্বত। তাৰ পূবে ভৈয়ামত আগৰ দিনত মুংৰিমুংৰাম ৰাজ্য আছিল। সেই ৰাজ্যত টাই জাতিৰ কোৱঁৰ খুন্‌লুঙ্গৰ বংশৰ ৪০ জন ৰজা হৈ যোৱাৰ পাচত, সেই বংশৰে বিখ্যাত চুকাফা কোৱঁৰ ৰজা হয়। তাত তেওঁ ৰজা হৈ ১৮ বছৰ আছিল। তাৰ পাচত, তেওঁ দেশ জয় কৰিবৰ উদ্দেশে পাত্‌‌‌‌কাই পাৰ হৈ, ১২২৯ খ্ৰীষ্টাব্দত সৌমাৰত সোমায়হি। চুকাফা ৰজাই লগত বুঢ়াগোহাঞি আৰু বৰগোহাঞি এই দুজন ডাঙ্গৰীয়া বা মন্ত্ৰী, ৮ জুন বিষয়া, ১০৮০ জন মাটি-ৰণুৱা, ৩০০ ঘোঁৰা-ৰণুৱা আৰু দুটা হাতী আনিছিল। তাৰে সৈতেই তেওঁ সৌমাৰৰ ভিতৰ সোমাই তাৰ আদি জাতিৰ সৰু-সৰু ৰজাবিলাকক জিনি নামৰূপ, টিপাম, অভয়পুৰ, হাবুং, নামদাং এইবোৰ ৰাজ্য দখল কৰিলে। তাৰ পাচত, তেওঁ চৰাইদেউ পাহাৰত নগৰ পাতি লৈ, তাৰপৰা লাহে-লাহে তেওঁৰ ৰাজ্য বঢ়াবলৈ ধৰিলে। এই দৰেই অলপ কালৰ ভিতৰতে তেওঁ গোটেই সৌমাৰ খণ্ড জয় কৰি ললে। চুকাফা বৰ পৰাক্ৰমী ৰজা আছিল। তেওঁ সৌমাৰৰ অধিপতি বিলাকৰ যাক যেতিয়াই আক্ৰমণ কৰিছিল,