পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাজছোৱা।
১। পাঠ।
টাই জাতিৰ কথা।

 টাই জাতি বৰ্ম্মাদেশৰ ভিতৰৰ শ্যাম প্ৰদেশৰ পুৰণিকলীয়া মানুহ। খ্ৰী: ১০০০ চনত সেই জাতিৰ খুন্‌লুং আৰু খুন্‌লাই নামে দুজন ৰাজ-কোঁৱৰ দেশ জয় কৰিবৰ উদ্দেশ্যে উত্তৰলৈ উজাই আহে। সিবিলাক দুজন ভাই-ককাই আছিল। দুয়ো উজাই আহি পাত্‌‌‌‌কাই পৰ্বতৰ উত্তৰ-পূবে ভৈয়ামত এখন ৰাজ্য পাতিলেহি। সেই ৰাজ্যৰ নাম মুংৰিমুংৰাম। তাতে ভালেমান বছৰ খুন্‌লুং ৰজা আৰু খুন্‌লাই যুৱৰাজ হৈ মিলা-প্ৰীতিৰে আছিল। পিচে, কিবা কথাত সিবিলাকৰ মাজত ঘৰুৱা কন্দল লাগি উঠিল। সেই কথাতে ককায়েক খুন্‌লুঙ্গে খং কৰি চীন দেশলৈ গুচি যায়; আৰু তাত তেওঁ সুকীয়াকৈ এখন ৰাজ্য পাতিলেগৈ। সেই ৰাজ্যকে খেহদেশ বোলা হয়। তাৰ পাচত, ভায়েক খুন্‌লাই মুংৰিংমুৰাম ৰাজ্যতে ভালেমান বছৰ ৰজা হৈ আছিল। কিন্তু, তেওঁৰ সন্তান নাছিল। সেই কাৰণে, তেওঁ ঢুকালত ককায়েক খুন্‌লুঙ্গৰ ফৈদৰ কোৱঁৰ আনি মুংৰিমুংৰামত ৰজা পতা হল।

 টাই জাতিৰ মানুহ বৰ বলী, সাহী আৰু ৰণুৱা আছিল। সিবিলাকে ৰজাক ঈশ্বৰ-যেনকৈ মানিছিল। সিবিলাকৰ ৰাজভক্তি