"কাঁচনী বাই, মই অজাতি কাউৰী, একো খাই নোবোলাওঁ ঠোঁট।
বৰচ’ৰাৰ মুখতে গিৰিয়েৰক শালত দিছে, তেজেৰে বোলালো ঠোঁট।”
এক কথা শুনা মাত্ৰকতে কাঞ্চনীয়ে জালি তাঁত এৰি ভিতৰ সোমাই সেন্দূৰৰ ফোঁট আৰু ৰেঘা পিন্ধিলে, সকলো অলঙ্কাৰ-পাতি পিন্ধিলে আৰু সামৰণৰ ভাল ৰিহা-মেখেলাযোৰ পিন্ধি ধাননিৰ মাজে- দিয়েই বাট পোনাই লৰি ৰজাৰ বৰচ’ৰাৰ ফালে ঢাপলি মেলিলে। ইফালে চাওদাঙে কাঞ্চনীৰ গিৰিয়েকক তাৰ ভৰিৰ ফালৰ পৰা কুণ্ডা শালত চেপি আনি থাকোঁতেই গিৰিয়েকে দূৰৰপৰা কাঞ্চনী লৰি অহা দেখি বিনাই কলে,—
“ধাননি ধাননি, নাহিবি কাঞ্চনী,
ধান-পাতে কাটিব গা।
মোৰে বিলাই যি হবৰ হওকে,
ঘৰলৈ উভতি যা॥ "
কাঞ্চনীয়ে লৰি আহি থাকোঁতেই গিৰিয়েকৰ কথা শুনি উত্তৰ দিলে,—
“কাটিলে কাটকে ধানৰে পাতে গা,
তালৈ নকৰোঁ কাণ।
তোমাৰে লগতে হম সয়ন্তৰী,
নাৰাখো দুখুনী প্ৰাণ।”
এই বুলি কাঞ্চনীয়ে গিৰিয়েকৰ ওচৰ পাই দীঘল দি গিৰিয়েকক সেৱা কৰি গিৰিয়েকৰ লগতে শালতে মূৰটো সুমাই দিলে। কোনেও তাইক হুকা-বধা কৰিবলৈ সাহ নকৰিলে। অলপ পৰৰ পিচতে দুয়োৰে জীৱ দুটিয়ে ভেল দুটা এৰি গোসাঁইৰ ওচৰলৈ উৰি গ’ল।