সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাঞ্চনী "কাঁচনী বাই, মই অজাতি কাউৰী, একো খাই নোবোলাওঁ ঠোঁট। বৰচ'ৰাৰ মুখতে গিবিয়েৰক শালত দিছে, তেজেৰে বোলালো ঠোঁট।” এক কথা শুনা মাত্ৰকতে কাঞ্চনীয়ে জালি তাঁত এৰি ভিতৰ সোমাই সেলুৰৰ ফোঁট আৰু বেঘা পিন্ধিলে, সকলো অলঙ্কাৰ-পাতি পিন্ধিলে আৰু সামৰণৰ ভাল ৰিহা -মেখেলাযোৰ পিন্ধি ধাননিৰ মাজে- দিয়েই বাট পোনাই লৰি ৰজাৰ বৰচ'ৰাৰ ফালে চাপলি মেলিলে। ইফালে চাওদাঙে কাঞ্চনীৰ গিৰিয়েকক তাৰ ভৰিৰ ফালৰ পৰা কুণ্ডা শালত চেপি আনি থাকোঁতেই গিৰিয়েকে দূৰৰপৰা কাঞ্চনী লবি অহা দেখি বিনাই কলে,— “ধাননি ধাননি, নাহিৰি কাঞ্চণী), ধান-পাতে কাটিব না। মোৰে বিলাই যি হবৰ হওকে, ঘৰলৈ উভতি যা॥ " কাঞ্চনীয়ে লৰি আহি থাকোঁতেই গিৰিয়েকৰ উত্তৰ দিলে,— কা ofi “কাটিলে কাটকে ধানৰে পাতে গা, তালৈ নকৰে৷ কাণ। তোমাৰে লগতে হন সয়ম্ভবী, নাৰাখো দুখুৰী প্ৰাণ। ” এই বুলি কাঞ্চনীয়ে গিৰিয়েকৰ ওচৰ পাই দীঘল দি গিৰিয়েকক সেৱা কৰি গিৰিয়েকৰ লগতে শালতে মূৰটো সুমাই দিলে। কোনেও তাইক হুকা-বধা কৰিবলৈ সাহ নকৰিলে। অলপ পৰৰ পিচতে দুয়োৰে জীৱ দুটিয়ে ভেল দুটা এৰি গোসাঁইৰ ওচৰলৈ উৰি গ'ল। ১৬৭