সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 

ৰজাই এই বাতৰি শুনিলত বেজাৰ কৰিবলৈ ধৰিলে—

“কাঁচনী যাবৰে শুনিলোহেঁতেন,
ছকুৰি লগুৱা লগত দিলোহেঁতেন৷
কাঁচনী যাবৰে শুনিলোহেঁতেন,
দোলায়ে ঘোঁৰায়ে পঠালোহেঁতেন,
কাঁচনী যাবৰে শুনিলোহেঁতেন,
গিৰীয়েকক শালত নিদিলোহেঁতেন৷”

 শোক কমিলত ৰজাই কাঞ্চনী আৰু তাইৰ গিৰীয়েকক নৈৰ কাষত খৰি দিবলৈ মন্ত্ৰীক হুকুম দি ক’লে,— “নৈৰ এপাৰে কাঞ্চনীক আৰু আনপাৰে গিৰীয়েকক খৰি দিয়া। কাঞ্চনীক চন্দন, সৰল, পদ্ম, উৱৈঁ, গন্ধসৰৈ, ধূপ-ধূনা, ঘিউৰে খৰি দিয়া৷ গিৰীয়েকক চুৱাখুটি, শুকান চুৱাপাত ইত্যাদিৰে খৰি দিবা।’’

 ৰজাৰ হুকুম মতে মন্ত্ৰীয়ে কাম কৰিলে৷ দুয়োৰো চিতাত ধম্‌ধম্‌ কৰে দুকুৰা জুই জ্বলিছে, এনেতে দেখা গ’ল যে দুয়োৰো চিতাৰ দুইকুৰা জুইৰ আগ দুটা পাৰৰ পৰা দীঘল হৈ আহি নৈৰ মাজতে পাক খাই একেটা হ’ল ৷ সকলোৱে এই কথা শুনি আচৰিত মানিলে ৷ ৰজায়ো পিছত মন্ত্ৰীৰ মুখে এই কথা শুনি আচৰিত হৈ দুইখন মৰিশালিত দুজোপা গছ ৰুই দিবলৈ হুকুম দি ক’লে,— “কাঞ্চনীৰ মৰিশালিত আঁহত এজোপা আৰু গিৰীয়েকৰ মৰিশালিত বৰগছ এজোপা ৰুবা৷”

 কিছুকালৰ মূৰত দেখা গ’ল যে নৈৰ দুয়োপাৰৰ দুইজোপা গছে ফেৰ ধৰি ডাঙৰ হৈ দুফালৰ পৰা হালি আহি ঠিক নৈৰ মাজত মিলি এজোপা হৈ বাঢ়িবলৈ ধৰিলে ৷

অন্ত