সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুঢ়ী আইৰ গাধু ৰজাই এই বাতৰি শুনিলত বেজাৰ কৰিবলৈ ধৰিলে,- "কাঁচনী যাবৰে শুনিলোহেঁতেন, ছকুৰি লঙ্ৱা লগত দিলোহেঁতেন। কাঁচনী যাবৰে শুনিলোহেঁতেন, দোলায়ে ঘোঁৰায়ে পঠালোহেঁতেন, কাঁচনী যাবৰে শুনিলোহেঁতেন, গিৰিয়েকক শালত নিদিলোহেঁতেন।” শোক কমিলত ৰজাই কাঞ্চনী আৰু তাইৰ গিৰিয়েকক নৈৰ কাষত খৰি দিবলৈ মন্ত্ৰীক হুকুম দি কলে,— “নৈৰ এপাৰে কাঞ্চনী ক কাঞ্চনীক চন্দন, সৰল, আৰু আনপাৰে গিৰিয়েকক খৰি দিয়া। পদ্ম, উৱৈ, গন্ধাৰৈ, ধূপ-ধূনা, ঘিউৰে খৰি দিয়া। গিৰিয়েকক চুৱাখুটি, শুকান চুৰাপাত ইত্যাদিৰে খৰি দিবা। ” ৰজাৰ হুকুম মতেই মন্ত্ৰীয়ে কাম কৰিলে। দুয়োৰে চিতাত ধধম্‌ কৰে দুকুৰা জুই জ্বলিছে, এনেতে দেখা গ'ল যে দুয়োৰো চিতাৰ দুইকুৰা জুইৰ আগ দুটা পাৰৰ পৰা দীঘল হৈ আহি নৈৰ মাজতে পাক থাই একেটা হ'ল। সকলোৱে এই কথা শুনি আচৰিত মানিলে। ৰজাইও পিচত মন্ত্ৰীৰ মুখে এই কথা শুনি আচৰিত হৈ দুইখন নৰিশালিত দুজোপা গছ ৰুই দিবলৈ হুকুম দি কলে,— “কাঞ্চনীৰ মৰিশালিত আঁহত এজোপা আৰু গিৰিয়েকৰ মৰিশালিত বৰগছ এজোপা ৰুবা।” কিছু কালৰ মূৰত দেখা গ'ল যে, নৈৰ দুয়োপাৰৰ দুইজোপা গছে ফেৰ ধৰি ডাঙৰ হৈ দুফালৰ পৰা হালি আছি ঠিক নৈৰ মাজত মিলি এজোপা হৈ বাঢ়িবলৈ ধৰিলে।