সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুঢ়ী আইৰ সাধু ৰজাৰ অন্তেষপুৰলৈ পঠিয়াই দিব লাগে। সি ৰজাৰ কথাত কোনো- মতে নাস্তি নহ'ল। ৰজাই বাৰে বাৰে কৈও ঘোঁৰাৰ বিষয়াক সেই কথাত কোনোমতে মাস্তি কৰিব নোৱাৰি তাক বন্দী কৰি থোৱালে। গিৰিয়েকক বন্দী কৰি থৈয়েই ৰজাই ঘৈণীয়েক কাঞ্চনীৰ ওচৰলৈ নিজে আছি নানা প্ৰকাৰে কাঞ্চনীক তেওঁৰ কুঁৱৰী হবলৈ বুজাবলৈ চেষ্টা কৰিলে, কিন্তু তাই একোতে সেই কথাত শত্তি নহ'ল। ৰজা ভোটা হৈ উভতি গৈ ভাবিলে যে গিৰিয়েক জীয়াই থাকে মানে কাঞ্চনীক মোৰ কুঁৱৰী কৰিবলৈ সৈমান কৰাব নোৱাৰে৷, সেইদেখি তাইৰ গিৰিয়েকক মাৰি পেলাই বাটটো মুকলি কৰি লওঁ। ইয়াকে ভাবি ৰজাই কাঞ্চনীৰ গিৰিয়েকক শালত দিবলৈ হুকুম দিলে। L ৰজাৰ বৰচ'ৰাৰ মুখতে কাঞ্চনীৰ গিৰিয়েকক শালত দিছে। কিন্তু এই কথাৰ কাঞ্চনীয়ে তেতিয়াও একো বুজ পোৱা নাই, তাই ৰং মনেৰে ঘৰত জালি তাঁত এখন বৈ আছে। এনে সময়তে এজনী কাউৰীয়ে শালত দিয়া কাঞ্চনীৰ গিৰিয়েকৰ গাৰপৰা ওলোৱা৷ তেজ খাই ঠোঁচ ৰঙা কৰি উৰি আহি কাঞ্চনীৰ ওচৰতে পৰি চট্‌ফটাবলৈ ধৰিলে। এবাৰ কাউৰীজনীয়ে মাত লগালে,-- “কাঁচনী, কাঁচনী নববি কাঁচনী, জালি তাঁত এবেলি থ। বৰচ'ৰাৰ মুখতে ৰজাই শালত দিছে, তাকে চাবলৈকে ব'ল।” এই কথা শুনি কাঞ্চনীয়ে কাউৰী জনীৰ ফালে চাই তাইৰ ঠোঁটটো ৰঙা দেখি গাত লাই-সৰিয়হ ফুট। যেন পালে। কাঞ্চনীয়ে কাউৰীক সুধিলে, “কাউৰী কাউৰী, অজাতি কাউৰী, কি খাই বোলালি ঠোঁট?" কাউৰীয়ে উত্তৰ দিলে, ১৬৬