সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাৰি গিৰিয়েকক কুকুৰ কৰি ঘৰলৈ লৈ গুচি আহিল। কাঞ্চনীয়ে মাকক কলে,—“আই, মই এতিয়া তেল এটোপ৷ ঘঁহি দিমনে?” কাঞ্চনী ঘৰ পাই তেওঁক ধুৱাই আনিছো। মাকে কলে,—“দে আই।” আনি ঘঁহাব ছলতে কুকুৰটোৰ এই বুলি মাকে ক'লত কাঞ্চনীয়ে তেল কাণৰ কাঁইটডাল মাকক দেখুৱাই কলে, – “আই, আই, চাহিচোন এটা বৰ কাঁইট কাণৰ সঁতাত কেনেকৈ সোমাই আছে।” মাকে ক'লে,--“সোমাব পাৰেতে৷ মোৰ আই, সি য'তে পাই ত'তে শুই ফুৰে, কাঁইটটো টাৰ্নি উলিয়াই দে।” মাকে এই বুলি কোৱাত কাঞ্চণীয়ে কাঁইটটো উলিয়াই দিলে আৰু ততালিকে সি কুকুৰ গুচি সুন্দৰ পুৰুষ এটা হ'ল। এই কথা দেখি নাক-বাপেক আৰু ওচৰ-চুবুৰীয়া সকলো- বোৰে বিস্ময় মানি, তাক কি কথা, কি বতৰা বুলি সুধিলত সি সকলে৷ কথা ভাঙি পাতি ক'লে। সকলোৱে পাচৰিত নানি আনন্দ পালে, কাঞ্চনী আৰু তাইৰ মাক-বাপেকে আনন্দত বিভোৰ হৈ জোঁৱায়েকক লৈ মহা সুখেৰে থাকিল। কুকুৰ এটা গুচি মানুহ হ'ল, এই কথা চাৰিওফালে ওলাই পৰিলত ৰজাই শুনিবলৈ পাই কাঞ্চনণীৰ গিৰিয়েকক মতাই নি, কি কথা, কি বাৰ্ত্তা বুলি সুধিলত, সি ৰজাক সকলো কথা কলে। বজাই সন্তোষ পাই তাক তেওঁৰ ঘোঁৰাশাল চাওঁতাৰ বিষয়খন দি ৰাখিলে। ইকাণ সিকাণকৈ লাহে লাহে গৈ ৰজাৰ কাণত পৰিল গৈ যে যো ৰাশাল চাওঁতা-চিতোতা বিষয়াজনৰ ঘৈণীয়েকজনী বৰ গুণী আৰু বৰ শুৱনী দীলিপ তিৰুতা। ৰজাই ভাবিলে যে এনেজনী তিৰুতা৷ ৰজাৰহে যোগ্য, এতেকে তাইকে জানি মোৰ কুঁৱৰী পাতিম। ইয়াকে ভাবি ৰজাই তেওঁৰ ঘোঁৰাৰ বিষয়াক কলে যে সি ঘৈণীয়েকক ১৬৫