পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
বুঢ়াভাষ্য

দৈবকীৰ গৰ্ভে যাই আমি উপজিবো।
অনন্তক মোহোৰ সহায় কৰি নিবো॥ ১১৮
এহি বুলি প্ৰভু তৈত অন্তৰ্ধান ভৈলা।
দশদিক পাল থানে থানে চলি গৈলা॥
ইবাৰ কৰিবো বুলি জগৎ উদ্ধাৰ।
শুনা ব্ৰহ্মা অপোনি হৈবেক অৱতাৰ॥ ১৯৯
আৰু এক কহো কথা শুনা মহামতি।
ব্ৰহ্মা যেন গৰু চোৰ কৰিলা সম্প্ৰতি॥
প্ৰথমতে পদ্ম কল্পে ব্ৰহ্মা উপজিলা৷
তপ জপ কৰি হেন বচন বুলিলা॥ ১২ ০
সেহি ব্ৰহ্মা তপ কৰি কত দিন আছে।
বৃন্দাবনে গৰু চোৰ কৰিলন্ত পাছে॥
ক্ষীৰ সাগৰত যাক আৰাধিলা আসি।
পৰীক্ষাক চাও আমি হয় নয় স্বামী॥ ১২১
সেই ব্ৰহ্ম আসি গৰু চোৰ কৰি থৈলা।
পদ্ম যে কল্পৰ পৰা এতদিন ভৈলা॥
এত কাল মানে এতেকতে আছিলন্ত।
কৃষ্ণৰ চৰণে সবে শৰণ লৈলন্ত॥ ১২২
সৃষ্টিৰ কাৰণে ব্ৰহ্মা এহেন্তে আছয়৷
দুই জন ব্ৰহ্মা আক জানিবা নিশ্চয়॥
ই সব কথাক আবে এহিমানে থওঁ।
শুনা সাধু যেন কথা আতপৰে কওঁ॥ ১২৩