পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
বুঢ়াভাষ্য

তাহাৰ উপৰে আৰু তিনিজন আছে।
ভেক কুৰ্ম্ম অনন্তক কহিলন্ত পাছে॥ ১১২
তাত পাছে বিচাৰি নানান কথা কৈলা।
মেৰু দ্বিগজক কহি এহি মানে ৰৈলা॥
হেন শুনি নৃপতিৰ মনত বিস্ময়৷
আন ভক্তি লোক সব নিগমে আছয়॥ ১১৩
ৰাজায়ে প্ৰজায়ে বহি এহিমতে আছে।
আৰু কথা শঙ্কৰে কহিবে গৈলা পাছে॥
দশদিক পাল আৰু দেৱ সমস্তয়।
পৰম আনন্দে সবে একত্ৰে আছয়॥ ১১৪
একদিনা সবে ক্ষীৰ সাগৰক গৈলা।
ধৰ্ম্ম পূজা কৰি ঈশ্বৰক আৰাধিলা॥
হেন দেখি কৃষ্ণদেৱে আকাশত আসি।
তাসম্বাক চাই পাছে বুলিলন্ত হাসি॥ ১১৫
হে ব্ৰহ্মা বিষ্ণু হৰ শুনা মোৰ বাণী।
তোৰা সবে মোক আৰাধিবা হেন জানি॥
হেন শুনি দেৱগণে দণ্ডৱতে পৰি।
কৰিব লাগিলা স্তুতি কৃতাঞ্জলি কৰি॥ ১১৬
হেৰা প্ৰভূ পৃথিবীৰ দুঃখৰ কাৰণ।
কৰহু প্ৰাৰ্থনা আমি তোমাৰ চৰণ॥
হেন শুনি ঈশ্বৰ পুৰুষ ভগৱন্ত৷
তাসম্বাস শুনাই হেন কথা বুলিলন্ত॥ ১১৭