পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
বুঢ়াভাষ্য

কৰিলন্ত কৃষ্ণ আৰো ভোজন বেহাৰ।
অল্প কৰি কিছু কথা কহন্ত তাহাৰ॥
আঙ্গুলিত ফল বামহাতে লৈয়া গ্ৰাস।
গোপৰ শিশুক আৰু কৰি পৰিহাস॥ ১২৪
কোন ফল অঙ্গুলিত লৈয়া দেয় হৰি।
শুনিও নৃপতি তুমি মন থিৰ কৰি॥
মুকুতি সুখক কৃষ্ণে লৈয়া তুলি হাতে।
পৃথিবীত একোৱে নুছুৱে তাক তাপে॥ ১২৫
মুকুতি ভাঙ্গিয়া লোক আছে যত যত।
নুখুজন্তে নিয়া প্ৰভু তাহাক দিৱন্ত॥
এতেকতে পূৰ্ণ হস্তে লৈলা কৃষ্ণ তাক।
ভাষ্যত বিচাৰি চাই কহিলো ইহাক॥ ১২৬
ছয় খান বৈকুণ্ঠত মূকুতি থাকয়।
পুণ্যৰ থানত তাৰা সবে নপাৱয়॥
গোবৰ্দ্ধণ পৰ্ব্বতৰ কহো কিছু কথা।
যেন মতে বৃন্দাবন আসি ভৈলা তথা॥ ১২৭
ব্ৰহ্মাদেৱে উৰ্দ্ধ মুখে বচন বুলিলা৷
অন্যায় বচন মহা দেৱতা শুনিলা॥
টান কৰি সেই মুণ্ড টোকাৰি মাৰিলা।
ছোত পাই অৰ্দ্ধ মুণ্ড ব্ৰহ্মাৰ ছিণ্ডিলা॥ ১২৮
অনৰ্থে নগৈলা ৰৈলা শিলাৰূপ ধৰি।
সেহি কাৰ্যে পৰ্ব্বতক পৰশিলা হৰি