পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
বুঢ়াভাষ্য

পৰম পামৰ মূঢ়মতি অতিশয়।
পণ্ডিত বুলিয়া লোকে সকলে পূজয়॥
এহি বুলি তথাতে ৰহিলা নৰেশ্বৰ।
আনন্দে মজিল পাইল হৰিষ বিস্তৰ॥ ৪২
সেহি দিন ধৰি ৰাজা নিশ্চয় কৰিলা৷
শঙ্কৰক গুৰু বুলি হৃদয়ে ধৰিলা॥
এহিমতে ৰঙ্গে যেবে কত কাল গৈলা।
শঙ্কৰ দেৱক পাছে নৃপতি পুছিলা॥ ৪৩
কি কাৰণে বুঢ়াভাষ্য বোলে তুমি কহা।
থিৰ মন কৰি সবে ৰাজা পুছিলাহা॥
শঙ্কৰে বোলন্ত তুমি শুনা মহামতি।
অল্পকৰি কিছুমান কহিবো সম্প্ৰতি॥ 88
অঠৰ হাজাৰ যেবে পুৰাণ আছয়।
তাৰ সাৰ কাঢ়ি আমি আনিলো নিশ্চয়॥
বৈকুণ্ঠৰ পৰা আমি যি বেলা আসিলো।
গলে বান্ধি তৈৰ পৰা দেৱ দিয়া আইলো॥ ৪৫
পদ্ম কল্প দহন্তে চাৰি যুগ ভৈলা।
আৰু চাৰি যুগ তাৰ উপৰে আছিলা॥
ৰবি যুগ চন্দ্ৰ যুগ আৰু যুগ হুতি।
নামত মহন্ত যুগ আছিলা সম্প্ৰতি॥ ৪৬
হৃষীকেশ নামে সেই যুগত ঈশ্বৰ।
পৰম ঈশ্বৰ দেৱ আছিলা লোকৰ॥