পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
বুঢ়াভাষ্য

তাহাৰ উপৰে চাৰি যুগ অনুপাম।
শুনা মহাৰাজ তুমি তাৰ কহো নাম॥ ৪৭
বিন্দাযুগ পিষিযুগ আৰু যুগ কৰ্ম্ম।
তাড়া লোকে সবে সদা কৰে ধৰ্ম্ম কৰ্ম্ম॥
ব্ৰহ্মত ঈশ্বৰ সেই যুগে আছিলন্ত।
তাহান চৰণ সদা লোকে আৰাধন্ত॥ ৪৮
তাহাৰ উপৰে আসিলন্ত যুগ চাৰি।
আছিল কালেসে সদা কদম্ব মুৰাৰি॥
ৰবি যুগ নাম যুগ আৰু যুগ কালা৷
আছিল পৰম যুগ শুদ্ধ কৃত্য মালা॥ ৪৯
আছিলন্ত যুগ আৰু শুনা তাত পৰ।
যুগধৰ নামে আৰো আছন্ত ঈশ্বৰ॥
হৰি যুগ নামে আছে আৰু যুগধৰ।
স্ত্ৰী যুগ হৰ যুগ যুগ নিৰন্তৰ॥ ৫০
ইহাৰ উপৰে যুগ শুনা নৰেশ্বৰ।
শ্ৰীধৰ নামেতে সেই যুগত ঈশ্বৰ॥
কৰে দান পুণ্য ব্ৰত প্ৰজা সবে শুদ্ধ।
নাহি ৰোগ ব্যাধি লোক ধৰ্ম্মত প্ৰবুদ্ধ॥ ৫১
তাত শ্ৰেষ্ঠ কৰি আৰু যুগ যে আছয়।
কালহুষ্ণ নামে তেহে সৃষ্টি প্ৰবৰ্ত্তায়॥
শুদ্ধ মত প্ৰবৰ্ত্তায় লোক নিৰন্তৰ।
শুনিয়োক কথা কহো চাৰিও যুগৰ॥ ৫২