পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বুঢ়াভাষ্য


হেন শুনি আনিলন্ত শ্লোক নিৰন্তৰ।
বোলে নাৰায়ণ দেৱ অনাদি ঈশ্বৰ॥
শঙ্কৰে বোলয় গুৰু আৰু শুনিয়োক।
ভাল কৰি আৰ সমিধান দিয়া মোক॥
হেন শুনি আৰু বাৰ কৈলা বিপ্ৰবৰ।
তাৰ বচন কিছু নলৈলা শঙ্কৰ॥ ৩৭
শঙ্কৰে বোলন্ত শুনিয়োক মহাশয়।
দশ যে সহস্ৰ এক ঈশ্বৰ আছয়॥
এইটো জগৎ যাৰ গাত লীন যাই।
তেন্তে বাসুদেৱ তান্ত বিনে আন নাই॥ ৩৮
দ্বিজসব শুনি লজ্জা ভৰিয়েহ লন্ত।
শঙ্কৰ দেৱত আৰু বাৰ সুধিলন্ত॥
এই সব সৃষ্টি কোনে কেনমতে কৰে।
হেন কথা খানি মোত কহিও সত্বৰে॥ ৩৯
দ্বিজসবে শুনি তাক দেখি আছে চাই।
কি কহিবো বুলি একো উপায় নেপাই॥
শঙ্কৰে বোলন্ত শুনিয়োক সবে আতা।
মনে মনে আছা সবে কিসক নামাতা॥ ৪০
মাতিবে নপৰি যেবে এহিমানে ৰৈল৷
অনন্তৰে উঠি সবে ঘৰা ঘৰি গৈলা॥
ৰাজা বোলে মিছাত পণ্ডিত বোলাৱস।
ভাগৱত তত্ত্ব অৰ্থ কিছু নজানস॥ ৪১