পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰাজা বোলে মিছাত পণ্ডিত বোলৱস।
শাস্ত্ৰৰ তত্ত্বক তোৰা কিছু নজানস॥ ২৫
দেৱৰো দেৱতা তুমি পৰম ঈশ্বৰ।
মায়া কৰি আছা মাত্ৰ ধৰি মনুষ্যৰ॥
এহি বুলি থাকিলা নৃপতি মহামতি।
আৰু এক কথা কহো শুনিয়ো সম্প্ৰতি॥ ২৬
এবে কিছো মান কথা শুনা বিপ্ৰোত্তম৷
দেৱত ভকত তোৰা পণ্ডিত উত্তম॥
কোন থানে ঈশ্বৰক পূজা কৰ তোৰা।
ভাল কৰি কহা তুমি শুনিব আমৰা॥ ২৭
হেন শুনি মাতিবে লাগিলা বিপ্ৰবৰ৷
চৰণত পূজা, আমি কৰহোঁ কৃষ্ণৰ॥
পণ্ডিতৰ কথা শুনি শঙ্কৰে বোলন্ত।
জন্মিলাহা তোৰা সব কৃষ্ণৰ মুখত॥ ২৮
এতেকে কৃষ্ণৰ মুখে পূজিবে লাগয়।
শূদ্ৰৰ থানত কেনে পূজা মহাশয়॥
শূদ্ৰৰ থানত পূজা কৰা কিবা জানি।
আমাকেসে পূজা তুমি গুণি মহামানী॥ ২৯
বুঢ়াভাষ্য শাস্ত্ৰত আছয় ইটো কথা।
ৰবি পুৰণক চাই দেখিয়াক তথা॥
শত নমস্কাৰ কৰি পূজিব সি ঠাই।
চৰণত বিনে পূজা আন নাহিকই। ৩০