পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বুঢ়াভাষ্য

আচৰিত শুনি ৰাজা গুণে মনে মনে।
বোলে আৰ মহিমা পাইবে কোন জনে॥
ধন্য ধন্য শঙ্কৰ বুলিয়া প্ৰসংশিলা।
পণ্ডিত সকল শুনি লজ্জা হুয়া ৰৈলা॥ ২০
আৰু বাৰ শঙ্কৰে কথাক যে শুধিলা৷
বোলে গুৰু কিছুমান আৰু কথা ৰৈলা॥
কতেক পুৰাণ আছে কাৰ কোন নাম।
কহিয়ো আমাৰ আগে কথা অনুপম॥ ২১
হেন শুনি কহিলা পণ্ডিত মহাভাগে।
অনেক শ্লোকক আনি শঙ্কৰৰ আগে॥
আশী দশ পুৰাণৰ দিলা সবে লেখা।
যুগে যুগে প্ৰবৰ্ত্তি আছয় তাক দেখা॥ ২২
শঙ্কৰে বোলয় গুৰু আৰু শুনিয়োক।
ভাল কৰি আবে সমিধান দিয়া মোক॥
তাক কহি আৰু নোৱাৰিলা মাতিবাক।
শঙ্কৰে বোলান্ত গুৰু শুনা কহু তাক॥ ২৩
অঠৰ হাজাৰ যেবে পুৰাণ আছয়।
তাৰ গুণ নাম কোনে কহিবে নিশ্চয়॥
এহি বুলি কহিলন্ত হাজাৰ পাট্টোক৷
বলো কহিয়োক যত আছয় প্ৰত্যেক॥ ২৪
ৰাজা প্ৰজা শুনি অতি বিস্ময় ভৈলন্ত।
পণ্ডিত সকলে শুনি মনত গুণন্ত॥