পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বুঢ়াভাষ্য


এতেকে উত্তম শূদ্ৰ ভকতি জানিবা৷
মোৰ কথা হয় নয় বিচাৰি দেখিব॥
শ্ৰীধৰস্বামীয়ে কিছু অন্যায় কৰিলা।
শূদ্ৰৰ বুলিয়া ভাষ্য টীকাক জুৰিল॥
ভাগৱত পুৰাণত পূৰ্বাপৰ নাই।
মনে জুৰি কৰিলন্ত তথাপি বড়াই॥
চৰণ ধুৱা পানী যথাত থাকয়।
শূদ্ৰ সব তথাতে থাকিতে যোগ্য হয়॥ ৩২
ব্ৰাহ্মণ কুলক বঢ়া দেখি ভগবন্তে।
টীকা কৰিলন্ত তৈতে জুৰিয়া মনন্তে॥
শূদ্ৰ হেন জানিয়া তাহাক বাদ কৰি।
নানান যে শ্লোকচয় কৰিলা শ্ৰীহৰি॥ ৩৩
বাদ কৰি তাহাক জিনিবে নপাৰিলি৷
ক্ৰোধ কৰি ভাগবত, শ্লোকক বন্দিলা॥
লজ্জা হুয়া মনত যে সুখ শান্তি নাই।
কৰিলন্ত প্ৰশ্নশ্লোক মনে গুণি পাই॥ ৩৪
ৰাজাৰ শৰণ যেন দিলা কোন জনে।
ভাগৱতে কহে বোলে মানিবেক মনে॥
ই সব কথাক মই এহিমানে থওঁ।
শুনা সব কথা আতপৰে কিছু কওঁ॥ ৩৫
আদি যে অনাদি যাক বুলিয়া কহয়।
শুনা ভাল কৰি আমি কহিবো নিচয়॥