পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বুঢ়াভাষ্য

শঙ্কৰে বোলন্ত গুৰু সিদ্ধান্ত শুনিয়ো।
ই সবৰ মোৰ আগে আশয় কহিয়ো॥ ১৩
তভু বেদবাদি ভট্টাচাৰ্য্য হেন শুনি।
লজ্জ্যা ভয় হুয়া অভু মাতিলন্ত গুণি॥
শঙ্কৰে শুনিয়া তাৰ কথা নলৈলন্ত
চৈধ্যয় ভূবন জুৰি শ্লোক আনিলন্ত॥ ১৫
কতেক ঈশ্বৰ আছে কাৰ কোন নাম।
কহিও আমাৰ আগে কথা অনুপাম॥
হেন শুনি উত্তৰ দিলন্ত দ্বিজোত্তম॥
জিহ্বা ঢুকি পাইলা মানে কহিলন্ত নাম॥
শঙ্কৰে বোলন্ত গুৰু কথা শুনিয়োক।
ভাল কৰি আবে সমিধান দিয়া মোক॥
হেন শুনি গুৰু পাছে মৌনে ৰহিলন্ত।
শুনিয়া নুশুনে যেন লাজে নমাতন্ত॥
শঙ্কৰে বোলন্ত গুৰু এৰিও সংশয়।
পৰম পণ্ডিত তোৰা সব মহাশয়॥
এহি বুলি কহিলন্ত কথা নিৰন্তৰ।
কহোঁ শুনিয়োক আছে সহস্ৰ ঈশ্বৰ॥ ১৮
শুনা আৰু জন যত বৈকুণ্ঠ যে আছে।
যাৰ যিবা নাম আছে কহিলন্ত পাছে॥
তাসম্বক ভাঙ্গি সবে অৰ্থ নকৈলন্ত।
শিখিবেক বুলি কথা ভাণ্ডিয়া থৈলন্ত॥ ১৯