পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বুঢ়াভাষ্য


ভাৰ্য্যাৰ পুত্ৰৰ সঙ্গাইলা  ঈশ্বৰ কৃষ্ণক পাহৰিলা
 শুনা সাধু সবে আনৰ কি কৈব কথা।
দশম স্কন্ধত দশ জন  ঈশ্বৰ দেখিব সৰ্ব্বক্ষণ
 দৈবকী পুত্ৰক স্কন্ধে দেখিয়োক তথা॥ ৯
ঈশ্বৰ কৃষ্ণৰ তনুদ্বিজ  তেভো আনাথৰ ঘট নিজ
 সাক্ষী লয়ো তাৰ দশম স্কন্ধক চাই।
পশু পক্ষী কাটি পূজা কৰে  নৰকত গৈয়া সিটো পৰে
 একো কালে তাৰ গতি মুক্তি নাই নাই॥ ১০
আৰু এক কথা কহে আমি  শুনিয়ো পণ্ডিত ভক্ত তুমি
 মোত তোৰা সবে নকৰিবা অসন্তোষ।
কহিলুহু আমি শাস্ত্ৰসাৰ  বিচাৰি লয়োক তত্ব তাৰ
 চৰণত ধৰো নধৰিবা কেহু দোষ॥ ১১

⸺ ০ ⸻

“পদ”

আত অনন্তৰে শুনা সভাসদ চয়।
আছিলা পূৰ্ব্বত এক বাজিৰ তনয়॥
কাক বলে বাজিৰ তনয় কোন জন৷
শুনিয়ো পণ্ডিত সম থিৰ কৰি মন॥ ১২
জয়হৃয়া সব তভো ভৈলা বাজে বাহ্য।
পবনৰ জৰিয়ে তিনিও লোক মাজ॥