পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
বিৰাট পৰ্ব্ব।

চেৱকী উৰ্দ্ধক কৰি বান্ধিলন্ত খোপা।
চত্তৰ্ভিতি বান্ধিলন্ত ৰঙ্গাপাত ঝোপা॥২৯৬
ৰঙ্গাল দুখানি বন্ত্ৰ পিন্ধিলা গাৱত।
সুবৰ্ণৰ মেখলা বান্ধিলা কঙ্কালত॥২৯৭
নূপুৰ যুগল শোভা কৰয় চৰণ।
চলি যাই বীৰ যেন প্ৰমত্ত বাৰণ॥ ২৯৮
পদে পদে ভূমি কম্পি কম্পিলয়ে ঠাই।
সভা পাই ৰহিলন্ত নৃপতিক চাই॥২৯৯
বিৰাট নৃপতি দেখি গুণে মনে মনে।
এনে ৰূপে মনুষ্য নাহিকে ত্ৰিভুবনে॥ ৩০০
সিংহবন্ধ কটিস্কন্ধ পুৰুষ আকাৰ।
পিন্ধি আছে গাৱত তিৰিৰ অলঙ্কাৰ॥৩০১
সমাজত পুছিলন্ত কোনে দেখি আছা।
কমন দেশৰ এহে কহিয়োক সাঞ্চা॥৩০২
নাহি দেখো বুলিলেক সকল সমাজে।
বিস্ময় স্বভাৱে বুলিলেক মৎস্যৰাজে॥৩০৩
সত্য গুণে সম্পূৰ্ণ পুৰুষ মনোৰম।
শ্যামল সুন্দৰ সুধা মত্ত গজ সম॥ ৩০৪
শঙ্খ বলয়া বেণী বসন কুণ্ডল।
আৱলি আপচু কৰি এড়িয়ো সকল॥৩০৫