পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
বিৰাট পৰ্ব৷

নৃপতি বোলন্ত তুমি ব্ৰাহ্মণ কুমাৰ।
ৰাজাৰ পুত্ৰৰ সম লক্ষণ তোমাৰ॥২৮৬
গোৱাল বুলিতে মোৰ নধৰয় চিত।
তুমি বোলা ইও কৰ্ম্ম তোমাৰ উচিত॥২৮৭
আমিও কৰিলো তোক গোৱালৰ মুক্ষ।
প্ৰথম বৰ্ণৰ ধেনু আছে একলক্ষ॥২৮৮
সিয়ো ধেনু দিলো মই তোমাৰ হাতত।
সুখ ভোগ ভুঞ্জি থাকা মোহোৰ ৰাজ্যত॥২৮৯
ইন্দ্ৰ প্ৰস্থে যেন সুখে আছিলা আপুনে।
তেন সুখ ভুঞ্জিয়া থাকিৱো মোৰ স্থানে॥২৯০
হেন শুনি সহদেব ভৈলা ৰঙ্গমন।
বিৰাটক সেবিয়া থাকিলা সেহি খান॥২৯১
সহদেব বিৰাট ৰাজাত পাইলা বৰ।
কেহো নিচিনিলা থাকিলাহা বীৰবৰ॥২৯২
অৰ্জ্জুনে ধৰিলা পাছে নপুংসক বেশ।
দিব্য ৰূপ চন্ন কৰি ভৈলন্ত প্ৰবেশ॥২৯৩
বাহু ঢাকি পিন্ধিলন্ত শঙ্খ দুই মুঠি
আগ গুৰি পিন্ধিলন্ত সোণাৰ আঙ্গুষ্ঠী॥২৯৪
ৰুণ ঝুণ কৰি বাজে কুগুল পিন্ধিল।
দীৰ্ঘ প্ৰচুৰ কেশে চিৰলী বান্ধিল॥২৯৫