পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
বিৰাট পৰ্ব্ব।

বিৰাটৰ ৰখা গাই আছে যি থানত।
বহিলন্ত সহদেব তাৰ সমীপত॥২৭৬
দূৰতে নৃপতি সহদেবক দেখিল।
আথে বেথে ৰাজা দুৱাৰিক আদেশিল॥২৭৭
আমাৰ সদৃশ এক ৰূপক বিশেষ।
মোৰ সমীপত আবে কৰায়ো প্ৰবেশ॥২৭৮
দুৱাৰি লৱৰ দিয়া গৈল আথে বেথে।
তেতিক্ষণে প্ৰবেশ কৰাইলা সমাজতে॥২৭৯
নৃপতি পুছিলা বাপু তোৰ কোন নাম।
কোন কৰ্ম্ম কৰহ তোমাৰ কোন গ্ৰাম॥ ২৮০
সহদেবে বোলন্ত শুনিয়ো মহীপাল।
যুধিষ্ঠিৰ নৃপতিৰ আছিলোঁ গোৱাল॥ ২৮১
আঠ লক্ষ ধেনু আৰু চল্লিশ হাজাৰ।
একেবৰ্ণে আছিলেক পাণ্ডব ৰাজাৰ॥২৮২
সেহি গৰু ৰাখিলেক য’তেক গোৱালে।
তাৰ অধিকাৰী হুয়া আছিলোঁহে পালে ২৮৩
যত প্ৰহৰৰ ঠাই যত গৰু থিত।
তাৰ গুণ গণ মোৰ নাহি অবিদিত॥২৮৪
যে বৃষৰ মূত্ৰ গন্ধে বন্ধ্যা হোৱে জাত।
সিয়ো বৃষভক চিনো দশন মাত্ৰ॥ ২৮৫