পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
বিৰাট পৰ্ব।

এহি কথা খানি লোকে মনত শঙ্কিব।
যত অলচিলো কিছু কিছু নিসিজিব॥১৩৭
বিশেষত তোমাৰ গাণ্ডীব ধনুৰাজ।
আক কি চিনন্তা নাই তিনি লোক মাজ॥১৩৮
ধনু দেখি তোমাক চিনিবে সাঙ্গেপাঙ্গে।
নুগুচিবে দুখ দুনাই পৰিবো বিপাঙ্গে॥১৩৯
অৰ্জ্জুনে বোলন্ত ৰাজা এড়িৱো সংশয়।
দেখিয়ো সমীধ বৃক্ষ গগণে লঙ্ঘয়॥১৪০
মৰা গৰু মানুষ পেলাৱে সেহি থানে।
শ্মশান বুলিয়া আক নাসৈ একো জনে॥১৪১
উঠিতে নপাৰে কেহো বৰ বৰ ডাল।
ডালৰ তলত নিতিতয় একো কাল॥১৪২
এহি শুনি গৈলা সবে শমীধৰ তল।
গাৱৰ কাঢ়িলা সবে আয়ুধ সকল॥১৪৩
গুণ কাঢ়ি পাঞ্চো ধনু কৰি এক খান।
পাঞ্চ গোটা টোন পুৰি আছৈ দিব্যযান॥১৪৪
পাঞ্চ খান খাণ্ডা থৈলা ভাবে সমন্বিতে।
অস্ত্ৰ শস্ত্ৰ থৈলা মানে তাহাৰ মাজতে॥১৪৫
গো চৰ্ম্মে বান্ধি তাক ঢাকি আবৰিল।
নকুলে প্ৰবন্ধ কৰি বৃক্ষত উঠিল॥১৪৬