পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
বিৰাট পৰ্ব্ব।

দৃঢ় কৰি বান্ধিলন্ত ডালৰ কোটৰে।
বৃষ্টিত নিতিতৈ যেন থৈলা আড়ম্বৰে॥১৪৭
মৃতক যে সব বুলি ডালে বান্ধি থৈলা।
বৃক্ষৰ নামিয়া শ্মশানৰ বাজ ভৈলা॥১৪৮
গৰু ৰখা ছাগ ৰখা যাক লাগ পান্ত।
শোকে দুঃখে সবাহান্তে কহি কহি যান্ত॥১৪৯
মৰিল আমাৰ মাতা আশী যে বৎসৰ।
ডালে নিয়া বান্ধি থৈলো শমীধ বৃক্ষৰ॥১৫০
আমাৰ দেশৰ কুল ধৰ্ম্ম এহি নয়।
হেন শুনি তোৰ ৰাজ্যে নুহিবি বিস্ময়॥১৫১
ধন্দনে দেশৰ ধৰ্ম্ম যদি নৰ মৰে।
বৰিষেক বান্ধি থৱে বৃক্ষৰ উপৰে॥১৫২
পাছে পুৰি ক্ৰিয়া কৰে প্ৰসিদ্ধি আছয়।
হেন জানি কেহো তাত নুহিবা বিস্ময়॥১৫৩
পাছে নগৰিৰ সমীপক লাগি গৈলা।
পাঞ্চো ভাইৰ নাম পাছে গুপুত কৰিলা॥১৫৪
যুধিষ্ঠিৰ জয়ন্ত অজয় ভীমসেন।
বিজয় অৰ্জ্জুন নকুল যে জয়সেন॥১৫৫
জয়দ্বল সহদেব এহি পাঞ্চ নাম।
দুৰ্গতিৰ বেলাত সাধিব ইষ্ট কাম॥১৫৬