পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
বিৰাট পৰ্ব্ব।

ঘাম বৃষ্টি সহি হস্তী যেন চলি যান্ত।
যমুনাৰ তীৰে পূৰস্কৰক চাহন্ত॥১২৭
দশাৰ্নৰ উপৰে দেখিলে পাঞ্চালৰ।
মাজে গৈল শুক্ৰনেমি শুৰ যে সেনৰ॥১২৮
ব্যাধ বুলি বুলি দেশ অনেক এড়াইলা।
অনন্তৰে বিৰাট ৰাজাৰ ৰাজ্য পাইলা॥১২৯
দ্ৰৌপদী বোলন্ত আজি বঞ্চিয়োক আতে।
বিশ্ৰাম কৰিয়া কালি চলিবো প্ৰভাতে॥১৩০
অল্প অল্প পথক্ষেত্ৰ দেখাৱো প্ৰচুৰ।
জানিলৱো মতস্য নৃপতিৰ ৰাজ্য দূৰ॥ ১৩১
অৰ্জ্জুনক চাই ৰাজা বুলিলন্ত বানি।
বোকা কৰি দ্ৰৌপদীক বহিবো আপুনি॥১৩২
চলিবাক নোৱাৰন্ত দাৰুণ দুখত।
বন এড়ি থাকো গৈয়া জনৰ মধ্যত॥১৩৩
ৰাজাৰ বচনে ধনঞ্জয় মহাবলী।
দ্ৰৌপদীক তেখনে বোকাত লৈলা তুলি॥ ১৩৪
বন এড়ি নগৰৰ সমীপক গৈলা।
দ্ৰৌপদীক তহিতে বোকাৰ নমাই থৈলা॥১৩৫
যুধিষ্ঠিৰে বোলন্ত শুনিয়ো ধনঞ্জয়।
ধনুসৰ কি কৰিবো কহিয়ো নিশ্চয়॥১৩৬