পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
বিৰাট পৰ্ব্ব।

পাপী দুৰ্য্যোধন সুখী নুহি যেন মত।
এহি কৰ্ম্ম কৰি থাকিবাহা সাবহিত॥৯৭
ধৌম্য পুৰোহিত তুমি পাঞ্চালক যাহা।
মোৰ অগ্নিহোত্ৰ তুমি ৰাখি থাকিবাহা॥৯৮
দ্ৰৌপদীৰ সেৱকিনী যতেক সেবক।
সূত সুপকাৰ সমে যাউক পাঞ্চালক॥৯৯
ইন্দ্ৰসেন মুখ্য কৰি ৰথৰ সাৰথি।
কুৰিখন ৰথ লৈয়া যাউক শীঘ্ৰ গতি॥১০০
আঠাইশ হাজাৰ ব্ৰাহ্মণক মাতি আনি।
নমস্কাৰ কৰি ৰাজা বুলিলন্ত বানি॥১০১
হস্তিনাপুৰক লাগি যায়োক সকালে।
ধৃতৰাষ্ট্ৰে পুষিব থাকিবা অবিকলে॥১০২
যাত্ৰাৰ নিমিত্তে মেঘ খণ্ডিল পাতিল।
সুমঙ্গলে অগ্নি জ্বালি পূৰ্ণাহুতি দিল॥১০৩
দীপ ঘট পাতিলা যাত্ৰাৰ যত কৰ্ম্ম।
ধৌম্য শিক্ষা মানে কৰিলন্ত সেবা ধৰ্ম্ম॥১০৪
ধৌম্যৰ যতেক শিক্ষা ধৰিলা মনত।
নমস্কাৰ কৰিলা ধৌম্যৰ চৰণত॥ ১০৫
জ্যেষ্ঠ অনুৰূপে নমিলন্ত ভিনে ভিন।
অগ্নিকো দ্বিজকো কৰিলন্ত প্ৰদক্ষিণ॥১০৬