পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
বিৰাট পৰ্ব্ব।

পাঞ্চো ভাই গৈল দ্ৰৌপদীক আগ কৰি।
ধৌম্য প্ৰতি মুক্ষে সবাহাঙ্কো পৰিহৰি॥১০৭
যমুনাক গৈলন্ত সম্মুখে পাঞ্চো ভাই।
চক্ষু দেখিলেক মানে আছিলেক চাই॥১০৮
চক্ষু যেবে নেদেখৈ সেবক সেবকিনী।
ধৰণীত পৰিলন্ত হিয়ে মুঠি হানি॥১০৯
হৰি হৰি ৰাজা ভীমসেন ধনঞ্জয়।
জৱঞ্জ কুমৰ দুই মাদৃৰ তনয়॥১০১
আমাক এড়িয়া তুমি গৈলা কোন থান।
কোনে সেবা কৰাইব কৰাইব কোনে স্নান॥১১১
শয্যা পাৰি দিবে কোনে আসন বসন।
ধনু যোগাইবেক কোনে কৰাইবে ভোজন॥১১২
আপোনাৰ কৰ্ম্ম কেনে কৰিব আপনি।
কেন মতে খাইবা আজি কৰঙ্গাৰ পানী॥১১৩
হৰি হৰি যাজ্ঞসেনী পাঞ্চাল কুমাৰী।
কোন স্থানে গৈলাহা আমাক পৰিহৰি॥১১৪
কাহাক কৰিবা সেবা যাইবা কোন স্থানে।
তুমি ব্যতিৰেকে কেনে ৰহিবো পৰাণে॥১১৫
দীৰ্ঘৰাৱে কান্দি বোলে ব্ৰাহ্মণে ব্ৰাহ্মণী।
আমাক ত্যজিয়া গৈলা দ্ৰুপদ নন্দনী॥১১৬