পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
বিৰাট পৰ্ব্ব।

পাণ্ডুৰ বহাৰী পাঞ্চো ভাইৰ প্ৰিয় নাৰী।
সুদেষ্ণাক সেবন্তোক কোন কৰ্ম্ম কৰি॥৮৭
মাতৃ সম প্ৰতিপাল কৰোঁ দিনে দিনে।
ভগিনৰ সমে পূজা, কৰোঁ ভিনে ভিনে॥৮৮
গন্ধ চন্দন মাইলে বসন ভূষণ।
আন কিছু নজানন্ত আতেসে যতন॥৮৯
দ্ৰৌপদী বেলন্ত ৰাজা নকৰিবা শোক।
বিৰাট মহিষী পাইলে নেড়িবন্ত মোক॥৯০
শৈৰিন্ধ্ৰী থাকয় প্ৰতি নৃপতিৰ স্থানে।
অমান্য নকৰে তাক আপুনি প্ৰমাণে॥৯১
শৈৰিন্ধ্ৰী স্বভাবে মহাদৈৰ পাশে যাই।
আপোনাৰ কৰ্ম্ম কৰি মাগিবন্ত ঠাই॥৯২
ফুল গাঁঠিবাক জানো পিসিবো চন্দন।
কেশ কঙ্কিয়াবো জানো পৰম শোভন॥৯৩
পূৰ্ব্বত আছিলো দ্ৰৌপদীৰ সেবকিনী।
প্ৰতিপাল বিস্তৰক হৈবা এহি জানি॥৯৪
আপোনাক আপুনি যে ৰাখিবা যতনে।
সেবকিনী সেবক থাকোহো কোন থানে॥৯৫
নৃপতি মাতিলা দ্ৰৌপদীৰ শুনি বানি।
তুমি যেনে হৈবা তাক আমি আছো জানি॥৯৬