পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিৰাট পৰ্ব্ব।

ঘূড়ীৰো যতেক গুণ সম বা বিসম।
ঘোড়াক দেখিলে জানো যাৰ যেন গম॥৭৭
ৰথৰ যতেক ঘোড় ৰাহুত যতেক।
সবাকো শিখাইবো মই প্ৰত্যেকে প্ৰত্যেক॥৭৮
শিশু ঘোড়া শিশু ঘুড়ী নুহিকয় দুষ্ট।
তাক দেখি বিৰাটৰ হৈব বৰ তুষ্ট॥৭৯
ৰাজা যেবে সোধে তেবে কহিবো আগত।
পাণ্ডৱৰ আচাৰ গ্ৰন্থিক নাম যত॥৮০
সহদেবে বোলন্ত শুনিয়ো মহিপাল।
বিৰাট ৰজাৰ আমি হৈবোহোঁ গোৱাল॥৮১.
গোষ্ঠক লাগিয়া তুমি পাঞ্চিলা সতত।
তাতে শিখি লঞোঁ গোৱালৰ গুণ যত॥৮২
গৰুৰ লক্ষণ যত মঙ্গল চৰিত।
গণিবাক পাৰো যোজনৰ দূৰ স্থিত॥৮৩
বৃষভৰ গুণ জানো পৃথিবীত সাৰ।
যাৰ মুত্ৰ গন্ধে ধেনু ধৰে গৰ্ভভাৰ॥৮৪
যুধিষ্ঠিৰে থৈলে মোৰ তন্ত্ৰীপাল নাম।
নৃপতি পুচিলে কহিবোহো এহি কাম॥৮৫
দ্ৰৌপদীক অনুশৌচ কৰন্ত নৃপতি।
পাঞ্চাল নন্দনী যজ্ঞ মধ্যে উতপতি॥৮৬