বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র শিৱসাগৰত বিহু সম্মিলনী আৰু প্ৰস্তাৱ । ঐক্যবলত যোগ দিব লাগে তাক বাহুল্যকৈ নকলেও হয় ৷ বিহু বিহুয়েই ; কিন্তু সেই বিহুত জাতীয় অনুষ্ঠানলৈ, যি সম্বল লাগে সেই সম্বল তাৰে পৰাই উলিয়াব পৰাৰ বুদ্ধি বিচৰা প্ৰত্যেক অসমীয়াৰে দৰ্শৰ । ১৮৪০ শকৰ বহাগ-বিহুৰ দিনা শিৱসাগৰত হোৱা বিহু সম্মিলনীৰ পোন প্ৰথম অধিবেশনত আলোচনা কৰা মতে সেই সম্মিলনীৰ পৰা বিহু উৎ- সৱৰ সম্বন্ধলৈ বহুত কাম হাতত লবৰ অভিপ্ৰায়ে কাৰ্যনিৰ্বাহক সমিতি এটি গঠন কৰা হৈছে । সেই সমিতিয়ে বিহুৰ দিনত নামনি আসামৰ ফালে বহাগ-বিহু উপলক্ষে ঠায়ে ঠায়ে এখনি এখনি মেলা বহাৰ দৰে আসামৰ সকলো ঠাইতে তেনে ধৰণৰ বা তাতোকৈ উন্নত ধৰণৰ মেলা বছৰে পতি বহাগ বিহু উৎসৱত এখনি এখনি পাতিবৰ নিমিত্তে কিছু কাম হাতত লবলৈ যো-যা কৰিছে ; আৰু সেই চেগতে মেলাত গোট খোৱা মানুহৰ ভিতৰত কাপোৰ-কানি কিনা-বেচা কৰি যাতে দেশৰ প্ৰত্যেক সমাজত বেচি পৰিমাণে অর্থবল বাঢ়ে তাৰ নিমিত্তে আসামৰ সকলো ঠাইৰ মুখীয়াল মানুহে চেষ্টা কৰি এখনি এখনি সমিতি গঠন কৰি জাতীয় অনুষ্ঠানত যোগ [ 8 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৫৩
অৱয়ব