সামৰণি-শৰাইত বিহুৰ অৰিহণা ৷ বৰ্ত্তমান যুগৰ বিহু উৎসৱত অসমীয়া জাতিৰ কৰ্ত্তব্য। বিহু যদিও খোৱা-বোৱা বং ধেমালিৰ সামা- জিক উৎসৱ তথাপি ইয়াৰ শক্তি গৈ যাতে জাতীয় জীৱনত ক্ৰিয়া কৰিবলৈ সুবিধা পায় তাৰ নিমিত্তে বৰ্ত্তমান যুগৰ কৰ্ম্ম-বীৰ সকলে চল বিচৰা যুগুত । কোনো ধেমালিত এপিনে খৰছ কৰা পা-পইছা যাতে আকৌ সেই ধেমালিৰ পৰাই দুগুণ লাভেৰে ধন ওলায় তাৰ নিমিত্তেও বাট বিচাৰি যুগ আহি আজি অসমীয়াৰ জাতীয়-জীৱন ঘৰৰ দুৱাৰ দ'লিৰ মুখত উপস্থিত ৷ বিহু উৎসৱটোক অসমীয়াৰ এটা জাতীয় অনুষ্ঠান কৰি তুলিব পাৰিলে আৰু বহুত কাম হয়৷ বিহু উৎসৱত হিন্দুৰ দৰেই মছলমান ভাই সকলে নিজ নিজ ঘৰত খোৰা-বোৱা কামত ৰাপ দেখি বিহু যে অসমীয়াৰ জাতীয় অনুষ্ঠান হব পাৰে তাক বিশ্বাস কৰিবৰ নিমিত্তে হৃদয়ে দঢ়াই কয়। অসমীয়া মছলমান সম্প্রদায়ে সেই বিহু উৎসৱত বহুত ৰীতি-নীতি পালন কৰাৰ দৰকাৰ নহলেও সমূহ উন্নতিৰ নিমিত্তে যে হিন্দু মছলমান দুয়োদলে [ ৩৯ ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৫২
অৱয়ব