প্ৰস্তাৱৰ সম্বল অনুমানিক সত্যতা । লিখকৰ পিঠিত বোজা । ক্ৰটীমার্জ্জনা । দিবলৈ চেষ্টা কৰিব লাগে। বিহুৰ মেলা মানে বিহুৰ মেলাত ঘৰত বোৱা কাপোৰ-কানিৰ নিচিনা ঘৰুৱা শিল্পজাত বস্তুৰ এখনি প্রদর্শনী। তেনেবিধৰ প্ৰদৰ্শনীৰ পৰা গাঁৱে গাঁৱেঁ কাপোৰ-কানি বোৱা, মূগা, পাত, এৰি নানা ধৰনৰ সূতা আৰু আন আন কামৰ বৃদ্ধি হোৱাৰ লগে লগে দেশীয় সকলো লোকৰ মাজত বর্ণবিশেষে মিল-প্রীতি, সদ্ভাৱ ইত্যাদি সদগুণৰ এটি মহৎ, অড়ম্বৰৰ অবির্ভাব হব । লিখকে এই পুথিত উজনি আসামত হোৱা উৎসৱৰ ৰীতি-নীতিৰ পিচ- ধৰি সামাজিক চিত্রপট আঁকিবলৈ বাধ্য হল ৷ নামনি আসামৰ ফালে বিহু উৎসৱত পালন কৰা যি ৰীতি-নীতিৰ পৰা সমাজ-জীৱনৰ নৈতিক, আর্থিক আৰু পৰমার্থিক-বল বাঢ়ে তাক আগলৈ এই পুথিৰ বোকোচাত তুলি লবলৈ লিখকে যত্ন কৰি আগ বাঢ়িলে । এই ক্ষুদ্র পুথি লিখাৰ আগতে ই কেৱল উৎসৱোপযোগী এখনি ৰচনা আছিল বুলি নিবেদনৰ শৰাইৰ দ্বাৰা আগতে জনোৱা হৈছে ৷ গতিকে অনীতিৰ বিৰুদ্ধে যোৱাৰ ভয়ত সেই অধিবেশনৰ ৰচনাত নথকা কথা নতুনকৈ যোগ দিবলৈ সাহ নহল । তাৰ ফলত এই পুথিৰ এই তাঙ্গৰণত বিহুৰ বিষয়ে নামনি আসামৰ বহুত কথা বাদ পৰিল । এই পুথিব দ্বিতীয় তাঙ্গৰণলৈ সকলো সম্বল ঠিক কৰিবৰ নিমিত্তে সাজু হলো ৷ পাঠকপাঠিকা সকলে বাৰলৈ ক্ৰটী মাৰ্জ্জনা কৰে যেন ।
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৫৪
অৱয়ব