বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র সঙ্কেত। লাগেগৈ। আগত কোৱাৰ দৰে বিহু উৎসৱ ধৰ্ম্ম আৰু নীতিমূলক। কোনো প্রাদেশিক উৎসৱৰ বিদেশীয় সমালোচকলৈ বাবে এজন বিদেশীয়ে অৰুচিকৰ মন্তব্য প্রকাশ কৰাৰ আগতে সেই উৎসৱৰ ইতিবৃত্ত ভাল সূত্ৰৰ পৰা তেওঁ ভালকৈ জানিলৈ নিজৰ ভুল শুধৰাব লাগে। তাকে নকৰিলে কোনে সমাজৰ বুৰঞ্জী জনাত ব্যাঘাত হয় । বুৰঞ্জী নজনা বিদেশী এজন যদি কোনো সমাজৰ আশ্ৰয়ত থাকে তেন্তে সেই সমাজৰ শ্ৰী নেদেখা দূৰৈৰ কথা আন কি সমাজৰ অনেক কুৎসাহে বটে। সেই মানুহৰ পৰা সমাজত বহুত অপকাৰ হোৱাৰ সম্ভৱ। তেনে ধৰণৰ মানুহ কোনো সমাজত থাকিলে তাৰ নিমিত্তে সমাজে ভালকৈ সাবধান লোৱা উচিত। বিহু উৎসৱৰ নিচিনা কোনো উৎসৱৰ গাত কোনোৱে ঘৃণা সূচক তীব্র বাণ মাৰিলে তেওঁ জানি লব লাগে যে সভ্য সমাজ বুলি চিনাকি দিয়া সমাজৰ পৰা অসভ্য জাতিৰ সমাজলৈকে এনে ৰঙিয়াল উৎসৱত মগ্ন হোৱা মানৱ জাতিৰ এটি স্বাভাবিক নিয়ম । অসমীয়া বিহু আৰু বিলাতী বিহু বা “মে-ডে”। আসামৰ ৰঙালি বহাগ-বিহুৰ উৎসৱৰ নিচিনা বিলাতৰ ৰঙালি “মে-ডে” উৎসবে চিঞৰি চিঞৰি [ 35 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪৯
অৱয়ব