সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র কয় যে কৰ্ম্ম-জীৱনত ৰস যোগাবলৈ জগতৰ সকলো সমাজতে বিধ বিধৰ উৎসৱ বিধে বিধে হৈ থকা নিতান্ত যুগুত। উত্তৰায়ণ সংক্ৰান্তিৰ ৰাতিপুৱা আসামৰ মে-জি আক মে-জি জুইৰ দৃশ্যই য়ুৰোপীয় এজন বিদেশীক তেওঁৰ “বন ফায়াৰ” বা বিলাতী মে-জিৰ কেউকাষে বং ধেমালি কৰালৈ মনত নেপেলোৱাকৈ নাথাকে ৷ বিলাতৰ মে-জি বা “বনফায়াৰ”। ৰঙালি বিহুৰ কৰ্ম্মত উদগণি । " ৰঙালি শিংশে প্রাকৃতিক দৃশ্য । বিদেশীৰ চকুত নিজৰটি ভাল আৰু আনৰটি অলপ বেলেগ দেখাও এটি সত্য। সেই বুলি মহাবিষুৱ সংক্ৰান্তিৰ জনাজাত নামেৰে ভালকৈ প্ৰচলিত হৈ থকা বিহুত কিবা সত্য নাই বা ভাঁজ আছে বুলি কোনোৱে মন্তব্য প্ৰকাশ কৰাৰ আগতে ভালকৈ ভাবি চাব। আগত উল্লেখ কৰি অহাৰ দৰেই “বিষুৰ” পৰা “বিহু”। এই ৰঙালি বিহুৰে কৰ্ম্ম- ক্ষেত্ৰত বাট বোলাৰ আগ জাননী দিয়ে । তেতিয়াৰে পৰা বিহুৱান সকলে কঁকালত টঙ্গালি মাৰিলৈ ক্ষেত্ৰৰ কামত আবদ্ধ হয় । আগত কোৱাৰ দৰেই .এই সময়ৰ দৃশ্য অতি মনযোহা । যিপিনেই চোৱা যায় সেই পিনেই ৰসাল । পথাৰত সেউজীয়া ঘাঁহ বিহুৰ নতুন পানী পাইৰংধৰি বাঢ়ি আহিছে ৷ পশু পক্ষী-কীট পতঙ্গৰ গালৈ নতুন তেজ আহিছে ৷ সূৰ্য্যৰ [ 27 ]