গাৱলীয়া ৰাইজৰ অর্থ-নীতি। বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র গ্রিং শব্দৰ মাত । তালৰ চাপৰি, পেঁপাৰ চেও, ডেকাগীতৰ ধ্বনি অতি সুললিত । নামলগোৱা- জন বয়সীয়া । “শঙ্কলদিব ৰজাৰে পুতেক মণি কোৱঁৰ, চৰাই কোনো ঢালে যায়ে ঐ”—“এবেলা দোলাতে, এ বেলা ঘোৰাতে, এবেলা খেলি খেলাওঁতে ঐ” বুলি নামলগোৱা জনে পদলগাই দিয়ে আৰু ইসকলে ঘোষা গাই গৃহস্থৰ চোতালত ঘূৰি ঘূৰি সুন্দৰৰূপে নামলৈ বিহুৰ নিৰ্দোষ নাচ-বাগ আৰম্ভ করে। ৩০২৫/অঃ ১৭৮৩/তা: অৱশেষত গৃহস্থৰ সেৱা-শুশ্রূষা ৰীতিমতে গ্রহণ কৰি গৃহস্থক আঁজলিয়ে আঁজলিয়ে আশীৰ্ব্বাদ দি এই দৰেই তিনদিন এই বঙালি বিহুত কৰ্ম্মী সকল লিপ্ত হয়। হুচৰিনাম গোৱাৰ কোনো খেলৰ ৰাইজৰ মাজত যি পইছা উঠে সেই পইছা ৰাইজৰ ভৰালিৰ হাতত জমা কৰি থয়। সময়ত দৰকাৰ যেন দেখিলে সেই পইছা খৰছ কৰি ৰায়তৰ উপ- কাৰৰ কাৰণে বসবাহ পাতে। তাকে গৰখীয়া “গাৱলীয়া অর্থ-নীতিত সবাহ বোলে । যিবিলাকে বিহুৰ বাবে অনেক অনীতিমূলক দোষাৰোপ কৰে সিবিলাকে ইয়াৰ পৰাই বুজি লৰ লাগে যে বিহুৰ সাৰাংশ গৈ কেনেকৈ ধৰ্ম্মত ধৰ্ম্ম-প্রকাশ । [ 35 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪৮
অৱয়ব