সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র নাও খেল। নাও খেল আৰু হৰি-সঙ্কীৰ্ত্তণ ৷ নাও খেলৰ প্রভাব মনৰ ওপৰত । উৎসৱত অঙ্গ- পৰিচালনা । মাৱৰ খেল পাতে। ছয় সাত খন নাও একে লগ কৰি কোনো সোঁত থকা নৈত একে শাৰীতে জাঁত জাঁত হীৰানাম দি নাও উজনি ভাটীকৈ খোৱা-দিয়ে। নামৰ চেৱে চেৱে নাও দোপত দোপে আগ বাঢ়ি বলৈ ধৰে ৷ উজনি ফালে মূ কৰিলে সকলোটি উঠি শৃঙ্খলা লগাই নামব চেৱে চেৱে ব’ঠা চবিয়ায় ৷ নাও ভাটী মূ হ'লে সকলোটি বহি হাতেৰে নাও চৰিয়াই নাৱত গিৰিপ গিবিপ কৰে চপৰিয়াই নাও খেৱা দিয়ে। নাৱৰ গুৰি ধৰাজনে নাম লগাই দিয়ে । নৈৰ পাৰৰ পৰা নাৱৰ শাৰী, নামলগোৱাৰ মাত, পালি সকলৰ সেই নামৰ ধ্বনি, ব’ঠা চবি ওৱাৰ চেও আৰু হাত চৰিওৱাৰ ঠগ এনেদৰে মিলি যোৱাৰ দৃশ্য আনকি যদি এজন বিদেশী বুজন মানুহে চকুৰে দেখিবলৈ আৰু কানেৰে শুনিবলৈ পায় তেন্তে তেওঁৰ হৃদয় তাত আকৰ্ষিত নহৈ নোৱাৰে ৷ এনে সময়ত নৈৰ দৃশ্য দেখিবলৈ অতি নন। পানীৰ মাজৰ নাৱৰ ওপৰত হৰিধ্বনি, ঘাটে ঘাটে নৈৰ দাঁতিত গাধোৱা মানুহৰ জুম। বালিৰ চতে চতে আকৌ পিলিঙা ডেকা সকলৰ মাজত নিজ নিজ গাৰ বলৰ অৰিয়াঅৰি। নানাধৰণৰ কুস্তি, [ 22 ]