গৰুৰ গা ধুওৱা আৰু তাৰ দৃশ্য ৷ বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র চাকৰ চালনি মূৰত লৈ বহুত মানুহ গোটথাই হাতে হাতত দীঘলতি মাখিয়তী লৈ গৰুৰ জাক খেদাইনি কোনো বিল বা নৈৰ দাঁতিত থৈ গৰুৰ কুশল কাম- নাৰে জয়ধ্বনি দি মূৰে গাই মাহ-হালধি তেলী ছাই ঘঁহা গৰুবোৰক পানীলৈ ঠেলিদি গা ধুৱায় গা ধূৱাই উঠি গৰুৰ গালৈ “লাওথা” “বেঙ্গেনা খা ইত্যাদি মাতেৰে লাও বেঙ্গেনা গৰুৰ গালৈ দলিয়াই গৰু বোৰক সম্ভাষণ কৰে ৷ গৰু বোৰে লাও বেঙ্গে- নাৰ চমটা পাই তিতাগাৰে তিকা ডাঙ্গি ডাঙ্গি জপি- য়াই নেগুৰ ঠিয় কৰি ৰঙ্গত লব দিবলৈ ধৰে ৷ ইপিনে গৰু গা ধুউৱা সকলে গৰুৰ পৰা মানুহৰ গাতে লাও বেঙ্গেনা ইজন-সিজনৰ গাত মৰামৰি কৰি নিজৰ কৰিব লগীয়া কাম শেষ কৰে। চালনিত থকা লাও বেঙ্গেনাৰ চাক" ইজন-সিজনৰ পৰা অনা নিয়া কৰি তেতিয়াই সলনাসলনি কৰে। এই দৃশ্য অতি আনন্দজনক। তাৰ পিচত লাও বেঙ্গেনা চাকৰ মাৰিৰ মূৰ কেইটি ভাঙ্গি ঘৰলৈ আহি সেই চাক • দুৱাৰ দলিৰ ওপৰৰ ঘৰৰ চালত থয়। বাকী থকা সেই কেৰেলা বেঙ্গেনা বোৰ দৰবত লাগে বুলি কয় । সেই সময়তে ডেকা সকলে সুবিধা বুজি নৈত [ ৩১ ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪৪
অৱয়ব