এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র ৰঙালি বিহুৰ আদৰণি । ( গীত ) ( আজি ) লই নৱ সাজ নৱবৰ্ষৰ হৰি অনঙ্গৰ চোকা ফুলশৰ ঢোল পেপাঁ খোলটকা তাললৈ আহা বিহুৱান বঙালি । সলনাসলনি কৰা প্রীতিদান দিগন্ত কপাঁই গোৱাঁ জয়-গান ঢোলৰ গাঁজনি শুনি আতক মনৰ শঙ্কা সমূলি ৷ জহা শালী লাহী মাণিকী মধুৰী বোৱাঁ ৰোৱাঁ দোৱা চকু জুৰ কৰি কৰা হৃদয়ত যাউতি-যুগীয়া প্ৰেমৰ কোমল গজালি । কিয়নো অলীক ভাবতে বলিয়া লভী মৰততে আকাশী অমিয়া দুপৰনিশাতো নেহাঁহেনে বাৰু জগত এনুৱা জোনালি । আগত বিশাল কম ক্ষেত্ৰ চোৱাঁ মেলি আজি ভৰ্সা-নেত্র কৰিব বিভূৱে কৰুণাবৃষ্টি হৱ ইজীৱন সোণালি ৷ [ ২৬ ] শ্রীপদ্মধৰ চলিহা ।