সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বসন্তৰ আগমনত প্ৰকৃতিৰ ৰূপ আৰু কাম । বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র বহাগ-বিহু । প্রকৃতিয়ে শীতেন্দ্ৰৰ কঠোৰ আজ্ঞা পালন কৰি অলপ দিন আছে মাত্ৰ এনেতে বসন্তৰাণী আহি উপস্থিত । বসন্ত-ৰাণীৰ শুভাগমনত নিশ্চলা প্রকৃতি সচেতনা। মুখত কমনীয়তা ৷ সুঠাম শৰীৰ, বেশ-ভূষণত মধুৰতা । সেই তৃণ, তৰু, লতা, পশু-পক্ষী সকলো জীৱৰ মাজত হৰ্ষৰ মনমোহা ছবি । সকলোৰে মন পুলকিত ৷ যিপিনেই চোৱা যায় সেই পিনেই আনন্দৰ ৰেখ । নীৰ্ষ প্ৰাণ আজি বসময় । ভোমোৰাই বসন্ত-ৰাণীৰ গুণাগুণ গুণ গুণ সুৰে বন্ধা- নিছে। হাবিৰ পহু পাণীৰ মাছ বাণীৰ মোহিনী মূৰ্ত্তিত মুগ্ধহৈ থৰলাগি উদং । গৰু-মহ উদং । লাগি বৈ আছে ৷ পথাৰ উদং পথাৰত উদং কাম ৷ মুকলি মনৰ উদং ভাব। লাহে লাহে বসন্তৰ ঘোৰ আমোল আহি উপস্থিত হ'ল । উদং কালিৰ দূৰ দুৰণিৰ ঢোলৰ শব্দ আহি কাণত পৰিল । মুকলি মনৰ বেগ শবদৰ ফালে ঢাল ল'লে । উদাস প্রাণ নাচি উঠিল ৷ গাৰ নোম ডালি ডালি হ'ল । মুকলি মনত নৱ নৱ ভাব নৱ নৱ আশাৰ গুটি গজি উঠিল । গছলতিকাই নৱ বেশ ধাৰণ কৰি মানৱক ইঙ্গিততে [ 27 ]