ম'হৰ যুঁজ অকি সমূহ সম্মিলন। ভোগালি মাঘ বিহুৰ উদ্দেশ্য । বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র চাবলৈ বহুত মানুহ গোট খায়। এই সম্মিলনৰ দৃশ্যটিও বেলেগ ধৰণৰ। এই সন্মিলনত লৰা- ঢপৰাৰ ভাগ বেচি। মহৰ যুঁজ যেনে লৰা- ঢপৰা এই সন্মিলনৰ দৃশ্যটিও ঠিক তেনে আঁজোৰা - পিজোৰা ৷ নানা ঠাইৰ মানুহ একে ঠাইতে বিহুৰ দিনা লগ হবলৈ পোৱাত সিবিলাকৰ বন্ধুবৰ্গৰ মাজত কেনে এটা আনন্দৰ আমোল! এনে আনন্দদায়ক আৰু ভোগালি মাঘ বিহুৰ উদ্দেশ্য হৈছে হেমন্ত ঋতুত নেৰানেপেৰাকৈ পথাৰত ধান দোৱা কামৰ পিচত ভোগালি অৱসৰ লোৱা । এই অৱসৰৰ পিচতেই আকৌ আছ খেতিৰ নিমিত্তে আয়োজন ৷ গতিকে ভোগালি মাঘ বিহুৱে শালি খেতিক আনন্দেৰে বিদায় দি আহু খেতিক নিমন্ত্ৰণ কৰে । বিহুউৎসৱ কৰ্ম্মী সমাজৰ অতি লাগতিয়াল উপকৰণ । ই কৰ্ম্মময় জগতৰ দুখৰ বোজা অক্লেশে গ্ৰহণ কৰি সমাজৰ শ্ৰী বঢ়োৱাৰ কামত ব্ৰতী হয় । হেমন্তৰ বিদায়ত স্বয়ং শীতেন্দ্ৰৰ সমাগম । শীতেন্দ্ৰৰ আগমনত নীলা প্রকৃতি নিশ্চলা। মুখ নিস্তেজ। দেহা অৱশ প্ৰায় । তৃণ, তৰু, লতা, পশু- পক্ষী সকলো জীৱৰ আজি শীতেন্দ্ৰৰ আজ্ঞাত তলমূৰ । [ 25 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৩৮
অৱয়ব