সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

° বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র . মূৰ্ত্তি ধাৰণ কবি শস্যৰাশিৰ মাজত আধিপত্য স্থাপন কবি নিজৰ গাম্ভীৰ্য্যপূর্ণ বদন প্রকাশ কৰা দেখে, যেতিয়া দলবদ্ধ পক্ষী নিজ নিজ ঠাইলে মনব হৰিষে সুললিত ভাষাৰে কোৱা-মেলা কৰি শস্য- ৰাশিৰ ওপৰেদি উৰি যায় আৰু নিশাচৰ পশু- আকৃতি পক্ষী দুৰৈৰ পৰা চেগ বুজি লা-নি নিছিগাকৈ মানুহৰ বাৰীৰ ফাললৈ শস্যৰ ওপৰেদি উৰি আছে তেতিয়া দূৰৰ ডবা-শঙ্খৰ গহীন মাতে সকলোটিকে বিদায় দি সন্ধ্যাদেবাৰ আৰতিৰ আড়ম্বৰ কৰে। এই আড়ম্বৰৰ আমোলৰ ঢাকনি সেই কৌতুহল দৃশ্যৰ 'নীলাব গাত পৰি নিচিনা নজনা আন দৃশ্য আহি উপস্থিত হয়। তেতিয়া নীলাকাশৰ পৰা চন্দ্ৰমাই পৃথিবীৰ সকলো বস্তুৰ ওপৰত বিমল কিৰণ ঢালি বিলৰ মাজত থকা ভেঁটফুল এপাহিৰ লগত নীবলে ধেমালি কৰাত মগ্ন হৈ থাকোঁতে ই-পিনে- ক্ষেত্ৰৰ 'মাজত থকা সেই প্রশান্ত মূৰ্ত্তিৰ যিজনা দেবী তেওঁ শ্যামল শস্যৰাশিৰ মাজে মাজে অকলশৰে ফুৰা সেই কবি-মূৰ্ত্তিৰ লগত নীবলে সম্মিলিত হৈ প্ৰেম- ভক্তি আশ্বাসৰ গীতৰ ৰাগিণী মুকলি সুৰেৰে গাবলৈ ধৰাত তাৰ ঝঙ্কাৰৰ প্রতিধ্বনি দশোদিশে বিশ্বপি [ ১৬ ] "