সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহু আৰু তাৰ সাময়িক দৃশ্যাৱলী ৷ শাবদীয় অভিনয় কাতি-বিহু । তেতিয়াৰ দৃশ্য অতি মনোৰম ! নীল আকাশত ধৱল মেঘ। ধৱল মেঘ-মালাৰ অপৰূপ লীলা- খেলা। নৈ বিলৰ পানী নিৰ্ম্মল। হাবিৰ পহু পানীৰ মাছৰ মন নিৰ্ম্মল। বিমল শৰতৰ ৰাজ্যত সকলো নিৰ্ম্মল।—ধৈৰ্য্যশীলা ধৰণীৰ সুবিমল ক্ষেত্ৰৰ বুকত ফল-পুষ্পধাৰী শস্যৰাশি লৈ যেতিয়া ধৰণীয়ে কৰ্ত্তব্য সুঁৱৰি নিজৰ গতিত গতি কৰি অস্তমিত সূৰ্য্যৰ ফালে কেবাহি কৈ চাবলৈ ধৰে, যেতিয়া সেউজীয়া বৰণৰ নানা তৰহৰ কোমল শ্যৰাশিৰ গালত আলফুলকৈ সূৰ্য্যৰ পবিত্ৰ সোণালি ৰশ্মিয়ে চুমা খাবলৈ ধৰে, কবিয়ে ক্ষেত্ৰৰ মাজেদি বাট বুলি শ্যামল ক্ষেত্ৰৰ নদন-বদন শস্য ৰাশিলৈ চকু ফুৰাওঁতে যেতিয়া শস্যাধিপতি সু-লক্ষণা লক্ষ্মী দেবীয়ে অপৰূপ [ ১৫ ]