সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র দক্ষিণায়ন সংক্রান্তি বিহু উৎসৱত পৰিণত নোহোৱাৰ কাৰণ ৷ বিহুৰ নামাকৰণৰ সময় আৰু বিহু-তিথিৰ দিনৰ আগ পাচ । দক্ষিণ-অয়নান্ত বিন্দুত ঘটা উত্তৰায়ন-সংক্রান্তিয়েই মাঘৰ বিহু আৰু উত্তৰ অয়নান্ত বিন্দুত ঘটা সংক্রান্তি- বোলে। এই সংক্রান্তিৰ পৰা পুহৰ সংক্ৰান্তিলৈকে সূৰ্য্য দক্ষিণ মূৰলৈ গতি কৰে। গতিকে আহাবৰ শেষদিনকে দক্ষিণায়ন-সংক্রান্তি বোলে। এই সংক্রাত্তি গ্ৰীষ্ম আৰু বৰ্ষা ঋতুৰ দোমোজাত দেখি কোনো উৎসৱাদি কাৰ্য্যত পৰিণত নহল । আগত উল্লেখ কৰাৰ দৰেই উৎসৱ বুলিলে সময়োপ যোগী। আহাব, শাওণ আৰু ভাদ মাহ খেতিবাতিৰ সময়, খেতিয়কসমূহ ক্ষেত্ৰৰ কৃষিকাৰ্য্যত ব্যস্ত। বতৰ চনকা । কেতিয়াবা অতি গৰম আৰু কেতিয়াবা অতি বৰষুণ। গতিকে এই সংক্রান্তি বহুত অসুবিধাৰ কাৰণে “বিহু” উৎসৱত পৰিণত হবলৈ নাপালে । পূৰ্ব্বৰ জ্যোতিষী সকলে প্রথমতে বিহু নামী- কৰণ কৰোঁতে সেই সময়ত ঠিক সেই তিথিৰ দিন- তেই উৎসৱ হৈছিল । এতিয়া ২১ একৈছ দিনৰ আগতে হয়। সেই উৎসৱ সমূহ অর্থাৎ সেই মাহ কেইটাৰ ৯, ১০ ন, দহ তাৰিখে পৰে। তিথিৰ দিনৰ ইমান লৰ্চৰ হোৱাৰ কাৰণ আন একো নহয়, কেৱল মাত্ৰ সূৰ্য্যৰ গতিৰ পৰা ৭২ বাসত্তৰ বছৰত