সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ আন আন প্রদেশ আৰু আসा- মত “বিহু” বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র এদিন লৰ হয়। ইয়াৰ পৰা প্ৰমাণ হয় যে এই বিষুৱ সংক্রান্তিরে ৭২ × ২১ = ১৫১২ এহেজাৰ পাঁচশ বাৰ বছৰৰ আগেয়ে ভাৰতবৰ্ষত নিজৰ নাম পাইছিল। ইয়াৰ আগেয়ে এই বিষুৱ আৰু পিছুৱাই আহি আছিল বুলি বৰাহ-মিহিৰৰ জ্যোতিষৰ পৰা প্ৰমাণ পোৱা যায়। এই দবেই বিহুত সামাজিক জীৱনৰ উপকা- ৰৰ কাৰণে ধৰ্ম্মৰ ৰহণ দি আৰু সমাজ জীৱনকৰ্ম্মৰ ভিতৰত এটা ঘাই ৰস্তু বুলি জাননী দি আৰু তাৰ দিন-বাৰ জ্যোতিষৰ সহায়ত ঠিক কৰি ভাৰত বৰ্ষৰ সকলো হিন্দুৰ মাজত প্ৰচলিত হৈ আজিও ঠিক দিন বাৰত সেই ভিত্তি আৰু নীতিমূলক বিহু উৎসৱ ভাৰতীয় হিন্দু সমাজত ভালকৈ জিলিকি থাকিব লাগিছে। ভাৰতবৰ্ষৰ আন কোনো প্ৰদেশত বিদে- শীৰ ৰীতি-নীতিৰ হেঁচাত পৰি ই লোপ পোৱাৰ ভাও ধৰিলেও আসামত সেই অতীত যুগৰ ধৰ্ম্মোৎসৱে ভাল প্রতিপত্তি কৰি আছে। আসামে আজিও ভাৰতৰ আন আন প্রদেশক “বিহুৰ” জাননী দি হিন্দুধৰ্ম্মৰ ৰীতি-নীতি মান সৎকাৰৰ যে ৰক্ষা কৰিব লাগে তাক ৰিঙিয়াই কৈ দিছে ৷ [ ১১ ]