সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাবিষুৱ সংক্ৰান্তি বা বহাগৰ বিহু আৰু বিহুৰ শব্দার্থ । উত্তৰ আৰু দক্ষিণ- অয়ন:-----"ন্দু আৰু সকলো তিথিৰ দিন বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র কেইটিৰ ভিতৰত বসন্তত ৰাতি দিন সমান হোৱা তিথিটি অর্থাৎ মেষ সংক্রান্তি তিথিটিকে ডাঙৰ তিথি বুলি ধৰিলে। কিয়নো, সূৰ্য্য তেতিয়া দক্ষিণৰ পৰা উত্তৰলৈ বাট বুলোতে বিষুৱ ৰেখা পাৰ হয় আৰু মীন ৰাশিৰ নক্ষত্র-পুঞ্জৰ পৰা মেষ ৰাশিৰ নক্ষত্র-পুঞ্জলৈ সোমায় ৷ এই সময়তে এবছৰ দিন উকলি যায় আৰু নতুন বছৰ আৰম্ভ হয়। এই দিনেই বিষুৱ-সংক্রান্তি। বিষ্ণুৱ শব্দৰ পৰা “বিষু” বা “বিহু”। ৰাতিদিন সমান হোৱা দিন আৰু বিষুৱ সংক্ৰান্তিৰ সময়তেই সূৰ্য্যৰ চাৰিওফালে পৃথিবীয়ে গতি কৰা বাটত পৃথিবীৰ বিষুৱ-ৰেখাৰ লগত ভেঁটা-ভেঁটি হয়। কর্কট ক্রান্তিত ঘটা মেষ-সংক্ৰান্তিৰ দিনৰ পৰা সূৰ্য্য বিষুৱ-ৰেখা পাৰ হৈ যি ঠাইত ৰোৱা দেখা যায় আৰু তাৰ পৰা আকৌ উভতি দক্ষিণফাললৈ গতি কৰে তাক উত্তৰ-অয়নান্ত বিন্দু বোলে ৷ যি উত্তৰ-অয়নান্ত বিন্দুৰ পৰা সূৰ্য্য বিষুৱ ৰেখা পাৰ হওঁতে ঘটা তূলা-সংক্রান্তি ডেই আকৌ উভতি উত্তৰ ফাললৈ যেতিয়া গতি কৰে তেতিয়া সেই ঠাইক দক্ষিণ-অয়নান্ত বিন্দু বোলে ৷ এই কিটি দিনো বিহু উৎসৱৰ নামত পৰিণত হ'ল ৷ [ 9 ]