বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র উত্তৰায়ন সংক্রান্তিয়েই মাঘ বিহু । সংক্রান্তি নির্ণয় ৷ মেষ আৰু তুলা- সংক্রান্তি তত্ত্ব ৷ পৰা আকৌ উত্তৰফাললৈ গতি লয়। উত্তৰফালে গতি লোৱাকে উত্তৰায়ন বোলে৷ আৰু যি ঠাইৰ পৰা সূৰ্য্যই উত্তৰফাললৈ গতি কৰে তাকে দক্ষিণ অয়নাত্ত বিন্দু বোলে । এই বিন্দুটিতেই উত্তৰায়ন-সংক্রান্তি ঘটে। এয়েই মাঘৰ বিহু বা উত্তৰায়নসংক্রান্তি । কোনো ৰাশিৰ পৰা সূৰ্য্য আন ৰাশিলৈ যোৱাৰ দিনকে সংক্রান্তি বোলে৷ দক্ষিণ-অয়নান্ত বিন্দুৰ পৰা সূৰ্য্যই উত্তৰ-অয়নান্ত বিন্দুলৈ গতি কৰোঁতে লাহে লাহে দিন দীঘল হৈ যায় ৷ আকৌ উত্তৰ-অয়- নাত্ত বিন্দুৰ পৰা দক্ষিণলৈ বাট বুলোতে সূৰ্য্যৰ কিৰণৰ তেজ লাহে লাহে খীণ হয় আৰু দিন চুটি হৈ যায় ৷ তাৰ উপৰিও আগৰ হিন্দু জ্যোতিষী সকলে বসন্ত আৰু শৰৎ ঋতুত ৰাতি দিন সমান হোৱা তিথিৰ দিন উলিয়াইছিল। বিষুৱ ৰেখাত সূৰ্য্য বছৰত দুবাৰ শিৰোবিন্দুৱে দি যোৱা দেখা যায় । এবাৰ উত্তৰ ফাললৈ আৰু এবাৰ দক্ষিণ-ফাললৈ যোৱাৰ সময় ৷ এই দুটা সময়ত দিন আৰু ৰাতি সমান ৷ এই দুটা বিন্দুক সূৰ্য্যৰ মেষ সংক্রান্তি আৰু তুলা সংক্রান্তি বোলে । তেতিয়া সেই গণনামতেই সেই দিন কেইটিক উৎসৱৰ দিনত পৰিণত কৰিলে ৷ এই [ b ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/২১
অৱয়ব