হিন্দু-জ্যোতিষ মতে উৎসবৰ দিন নিৰূপণ উত্তৰায়ন আৰু দক্ষিণায়নৰ অর্থ। বিহু আৰু তাৰু প্ৰাকৃতিক চিত্র কিৰণ দিওঁতা। সূৰ্য্য অতি তেজস্বী আৰু উজ্জ্বল ৷ সূৰ্য্যৰ কিৰণ আৰু তাপৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে ৷ আনকি, সূৰ্য্যৰ তাপ আৰু পোহৰৰ অবিহনে উদ্ভিদ জগৎ নিষ্কৰ্ম্মা । অতীজ হিন্দুজগতে সূৰ্য্যক ভক্তিৰে আশ্চৰ্য্য বস্তু যেন দেখিবৰে কথা । সিবিলাকে সূৰ্য্যক যে সেৱাপূজা কৰিয়েই আছিল এনে নহয় জ্যোতিষৰ মতে সূৰ্য্যক ভালকৈ পৰীক্ষা আৰু পৰ্য্যবেক্ষণ কৰি চাইছিল । হিন্দু-জ্যোতিষ মতেই সূৰ্য্য ববিগ্রহ নামে জনাজাত ৷ সূর্য্যকে গ্রহপতি বোলে। সিবিলাকে গ্রহপতিৰ গতিবিধি জানিব পাৰিছিল আৰু কোন দিনা সূৰ্য্যই দক্ষিণ ফালে আৰু কোন দিনা উত্তৰ ফালে গতি কৰে তাকো গণনা কৰি উলিয়াইছিল। অতীজ হিন্দুৰ শেষ জ্যোতিষীৰ গণনাৰ সময়ত আহাৰৰ শেষ দিনত আৰু পুহৰ শেষ দিনত সূৰ্য্যৰ গতি লৰে । এতিয়া সেই লৰচৰৰ দিন আগুৱাই আহি আহাৰৰ ৯ ন দিন যোৱাত আৰু পুহৰ ৯ দিন যোৱাত পৰিছেহি । সেই দিনা সূৰ্য্যই কর্কট-ক্ৰান্তিৰ পৰা দক্ষিণ ফাললৈ গতি কৰে৷ তাকে দক্ষিণায়ন বোলে । আৰু সূৰ্য্যই সেই দৰেই প্ৰায় ছমাহলৈ গতি কৰি মকৰ-ক্ৰান্তিৰ [ 9 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/২০
অৱয়ব