পৃষ্ঠা:বিষহৰিৰ জন্ম.djvu/৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
বিষহৰিৰ জন্ম
 

দিহা-নাগ মাতা শঙ্কৰ নন্দিনী।
নাগ লোকে কৰে পূজা চৰণ দুখানি।
 শিবৰ লক্ষণ পাছে কুমাৰী দেখিয়া।
 বাসুক কোলাত লৈ লক্ষ চুম্ব দিয়া।।
 যে বিষ গটাইছে শিবে বাসুকীৰ স্থানে।
 বাসুকী আনিয়া দিলা পদ্মা বিদ্যমানে।।
 সংহৰিলা বিষ পদ্মা নিজ মূৰ্ত্তি ধৰি।
 সেহি দিন হৈতে নাম জয় বিষহৰি।।
 অষ্ট নাগ মিলি পাছে কৰিলেক পূজা।
 সেহি হৈতে বিষহৰি নাগগণৰ মাতা।।
 অষ্ট নাগে বোলে মাতা শুনহ বচন।
 বাপৰ নিকটে তুমি কই গমন।।
 নাগগণে আনি ৰথ দিলা তেতিক্ষণে।
 সেহি ৰথে উঠে পদ্ম। হৰষিত মনে।।
 চাৰি নাগ কন্যায় ধৰিলা চতুৰ্ভিতি।
 দেখি হৰষিত হৈলা জয় পদ্মাৱতী।।
 যে নালে নামিলা পদ্মা পাতাল ভুৱনে।
 সে নালে উঠিয়া আইলা কমলাৰ বনে।।
 বাপৰ নিকটে দেখা দিলা বিষহৰি। '
 আচম্বিতে বাম পাশে দেখে ত্ৰিপুৰাৰী।।
 শিবে বলে শুনা কন্যা পৰমা সুন্দৰী।
 কৈৰ পৰা আসিয়াহ কাহাৰ কুমাৰী।।
 তোৰ ৰূপ দেখি মোৰ দহে কলেবৰ।
 আলিঙ্গন দিয়া মোৰ প্ৰাণ ৰক্ষা কৰ।।