পৃষ্ঠা:বিষহৰিৰ জন্ম.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিষহৰিৰ জন্ম
 

দিহা-জয় জয় পদ্মাৱতী পাতালে উৎপত্তি
   নিৰ্ম্মাণী যে কৰিলা নিৰ্ম্মাণ।
 উপজিলা বিষহৰি আনন্দ পাতালপুৰী
   ঘটে জীৱ ভৈলা অধিষ্ঠান।।
 বীৰ্য্য হন্তে ৰক্ত ভৈলা ৰক্ত হন্তে মাংস ভৈলা
   শৰীৰ গঠিলা ভাগে ভাগে।
 মেৰুদণ্ড সুন্দৰ বত্ৰিশ পাঞ্জৰ
   মস্তক নিৰ্ম্মাণ কৈলা আগে।।
 গঠিলেক দুই কৰ্ণ তিনি গোট নয়ন
   পদ্মৰ আকাৰ মুখ যাৰ।
 বিশ্বম্ভৰ কুমাৰী নাম থৈলা বিষহৰি
   জয় জয় ইতিনি সংসাৰ।।
 ধৱল মুখেৰ জ্যোতি ৰক্তবৰ্ণ গৌৰকান্তি
   উপজিলা দেবী মহামায়া।
 খগপতি জিনি নাসা উপজিল মনসা
   উঠিলা চৈতন্য জ্ঞান পাইয়া।।
 মাও নাইকিয়া বাপা কেওলীয়া
   অযোনীকা জন্ম লৈলা।
 শ্ৰাৱণৰ মাসে পঞ্চমী দিবসে
   কৃষ্ণ পক্ষে জন্ম লৈলা।
 যে বিষ গটাইলা হৰে বাসুকী গোচৰে
   বাসুকী দিলেক তেতিক্ষণে।
 সুপ্ৰসন্ন তিনি আখি যেন ৰক্ত পদ্ম দেখি
   জয় জয় ইতিনি ভুৱনে।।
 হেন শিবৰ পূজা যথা লক্ষ্মীয়ো নছাড়ে তথা
   সৰ্ব্বক্ষণে বাৰে ধন জন।