পৃষ্ঠা:বিষহৰিৰ জন্ম.djvu/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
বিষহৰিৰ জন্ম
 

 দিহা-সুন্দৰী কেনে আইলা কমলাৰ বনে।
 একেশ্বৰে কেনে পদ্মা বনে।।

প্ৰথম যৌৱন তোৰে  দেখি প্ৰাণ পোড়ে মোৰে
 বিনা পতি বঞ্চহ কেমনে৷৷
কোননো কুমাৰে তোৰ গঠিয়াছে পয়োধৰ
 গাৱে তোৰ দিয়া গজমতি।
দেখি তোৰ মুখ চান্দ  লজ্জায় পলায় চন্দ্ৰ
 ৰেভোল ভৈলেহো পশুপতি।।
চণ্ডীকা এড়িয়া ঘৰে আইলো মই একেশ্ব
 প্ৰাণ মোৰ পোড়ে ৰাত্ৰি দিনে।
দেখি তোৰ যৌৱন স্থিৰ নহে মোৰ মন
 প্ৰাণ ৰখা আলিঙ্গন দানে।।
পদ্মা বোলে ৰাম ৰাম জপিয়া সহস্ৰ নাম
 ভূমি চুই ধৰিলা চৰণে।
শুনা বাপা ত্ৰিপুৰাৰী আমি তোমাৰ কুমাৰী
 নাৰায়ণ দেৱৰ সুবচনে।।

দিহা— হ কালা ৰমণী মোহন বিনন্দীয়া ভাল।
 অ মোৰ মন ব্যাকুল হৈলা মুৰলী শুনিয়া ৰে হা৷৷
 শিবে বোলে যদি হোৱা আমাৰ কুমাৰী।
 আপোনাৰ নিজ মূৰ্ত্তি ধৰিয়ো সুন্দৰী।।
 এত শুনি পদ্মাৱতী অন্তৰ হৈয়া গৈলা।
 নাগগণক সঙ্গে লৈয়া সাজিতে লাগিলা।।
 অজগৰ নাগক পদ্মা কৰিলা বাহন।
 ব্ৰহ্মজাল নাগ পদ্মা কৰিলা ভূষণ।।