শ্ৰীশ্ৰীমনসা দেবীয়ে নমঃ।
বিষহৰিৰ জন্ম।
দিহা-অ মনায় হৰি আহে মোহন যদুৰাই।।
শবৰ বচনে পক্ষী চলিলা সত্বৰে।
উকিয়াই থৈলা বীৰ্য্য পদ্ম পত্ৰৰ উপৰে।।
সহস্ৰ নালে নামে বীৰ্য্য পাতাল ভুৱনে।
বাসুকীৰ আগে ষাই দিলা দৰিশনে।।
শুদ্ধ ফটিক জিনি চন্দ্ৰৰ কিৰণ।
দেখিয়া বাসুকী নাগ হৈলেক বিষণ্ণ।।
ধ্যান কৰি বাসুকী দেখিলা তেতিক্ষণে।
মহাদেৱৰ বীৰ্য্য আইলা পাতাল ভুৱনে।।
অষ্ট নাগ মিলি পাছে যুগুটী কৰিয়া।
নিৰ্ম্মাণী নামে কন্যা আনে ডাক দিয়া।।
ধৰ বোলো নিৰ্ম্মাণী আমাৰ বচন ধৰ।
মহাদেৱৰ বীৰ্য্য আইলা কন্যা গঠন কৰ।।
মুণ্ড গোট সাজা তাৰ শিবৰ লক্ষণ।
কামৰূপী কন্যা এক কৰহ গঠন।।
অৰ্দ্ধ ভাগ কৰা তাৰ দেৱৰ আকৃতি।
আৰু অৰ্দ্ধ ভাগ কৰা নাগৰ আকৃতি।।
এত শুনি নিৰ্ম্মাণীৰ ৰঙ্গ মন ভৈলা।
মহাদেৱৰ বীৰ্য্য লই ধ্যানত বসিলা।।
ধ্যানত নিৰ্ম্মাণী কন্যা ব্ৰহ্মা সমাহিতি।
শুভক্ষণে জন্ম লৈলা জয় পদ্মাৱতী।।